পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 দৌৰিবলৈ ফুৰিবলৈচোন ঠাইয়েই নাই! সকলো ব্যস্ত বিভিন্ন ঢঙৰ ব্যায়ামলৈ।

যদি অলপ সময় খৰচ কৰি নিজৰ দেহটোক নিৰোগী আৰু আটিল কৰি ৰাখিব পৰা যায়,

যৌৱনক ধৰি ৰাখিব পৰা যায়, তেন্তে এনে সোণালী সুযোগ হেৰুওৱাৰ মানে কি?

ডেকা-গাভৰু, বুঢ়া-শিশু - আটাইয়ে মগ্ন স্বাস্থ্যচিন্তাত, বহু বিচাৰি বিচাৰি বৰুৱাই

পাইন এজোপাৰ তলত অলপ ঠাই উলিয়াই বহি পৰিল। ভাগৰত ফোপাই জোপাই

তেও চাৰিওফালে চকু ফুৰালে। তেওঁৰ ঠিক সন্মুখত এজন বুঢ়া মানুহ অনুলোম-

বিলোমত ব্যস্ত। বৰুৱাই জানে এই ব্যায়ামটো। তেওঁৰ পত্নীক কৰি থকা দেখে। নিজৰ

অজ্ঞাতে বৰুৱাই বাওঁহাতৰ বুঢ়া আঙুলিৰে নাকৰ এটা বিন্ধা চেপি ধৰি আনটোৰে

দীঘলীয়া উশাহ টানিলে। এইবাৰ অনামিকা আঙুলিৰে সেই বিন্ধাটো হেচি ধৰি আনটোৰে

নিশ্বাস এৰিলে। এয়া, তেৱোঁ ভৰ্তি হৈ গল নহয় ৰামদেৱ ক্লাৱত!

OOOOO

৬০