পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অনুৰাধা

 

 ৰজতৰ কথাত মই আচৰিত হৈছিলো। নতুনকৈ চহৰখনলৈ অহাৰ পিছত তাক

ততাতৈয়াকৈ ভাড়াঘৰ এটা বিচাৰি দিয়াটো কষ্টকৰ আছিল। কিন্তু মই বিচাৰি দিছিলো।

মোৰ কলেজৰ সহকৰ্মী শ্ৰাবণী লহকৰৰ ঘৰৰ কেম্পাচত নতুনকৈ বন্ধা দুটা কোঠাৰ

ঘৰটোত ৰজত বিনাবাক্যব্যয়ে সোমাই লৈছিল। নতুন ঘৰত সোমাই নতুন প্ৰেমিকাও

গোটাই লৈছিল। শ্ৰীমতী লহকৰৰ একমাত্ৰ কন্যা মানসীক। ৰজত ষ্টেটবেংকৰ কৰ্মচাৰী

আছিল। এম.এ. পঢ়ি থকা মানসী সকলোফালৰ পৰাই তাৰ উপযোগী আছিল।

তদুপৰি মাক-দেউতাকৰো ৰজতক জোঁৱাই হিচাপে পোৱাত আপত্তি নাছিল। দুবছৰৰ

দুৰ্বাৰ প্ৰেমৰ অন্তত বিয়াৰ তাৰিখ ঠিক হোৱাৰ যো-জা চলি থাকোতেই হঠাৎ ৰজত

গুচি গ’ল গোলাঘাট এৰি। কলৈ গ’ল, কিয় গ’ল, ময়ো নাজানিলো।

 মই আচলতে লাজ পাইছিলো মানসীহঁতৰ আগত। মুখ উলিয়াব পৰা নাছিলো।

ৰজত মোৰ ভাইটিৰ বন্ধু। আমাৰ ঘৰত সৰুৰে পৰা তাৰ আহ - যাহ। তাৰ স্বভাৱ

জানিছিলো।কলেজত তাৰ অগণণ বান্ধৱী আৰু প্ৰেমিকা আছিল। ভাইটিহঁতৰ ভাষাত

সি খিলাড়ী টাইপৰ ল’ৰা। আচলতে মই মানসীক সাৱধান কৰি দিব লাগিছিল। কিন্তু

মই সিহঁতৰ কথাটো বহু পলমকে গম পাইছিলো। ৰজতে কৈছিল, সি হেনো চিৰিয়াছ।

মানসীক বিয়া পাতি সংসাৰী হ'ব। ভাল পাইছিলো। বাঙ্গালোৰত থকা ভাইটিক ফোনত

কথাটো কওতে সিও বিশ্বাসেই কৰা নাছিল। আমাৰ সন্দেহ সঁচা কৰি ৰজতে পলায়ণ কৰিলে।

 যোৱা মাহত মই গুৱাহাটীলৈ গৈছিলোঁ। কটন কলেজত অনুষ্ঠিত এক ৰাষ্ট্ৰীয়

৬১