পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰামদেৱ ৰিভোলিউশ্যন

 

 যেতিয়া গোটেই ভাৰতবৰ্ষক ৰামদেৱৰ যাদুৱে আচন্ন কৰিলে, আমাৰ শ্ৰীমান

প্ৰশান্ত বৰুৱাৰ পিছে চুলি এডালো নলৰিল। অথচ তেওঁৰ ধৰ্মপত্নী ৰামদেৱৰ অঘোষিত

শিষ্যা। পুৱা-গধূলি নিয়মিত প্ৰাণায়ম, অনুলোম-বিলোম, লাউকী-কা-জুচ, আমলা-

এলো-বেৰা ...ও লাউকী কা জুচৰ জমনিটো কৈ লওঁ। লাউকী মানে বহুতে ৰঙালাউ

বুলি ভাৱে। শ্ৰীমান অচ্যুতানন্দ লহকৰেও ভাৱিলে,পত্নীৰ ফৰমাইচত কিনিও আনিলে।

আৰু তাৰে জুচ খাই তেওঁৰ পত্নীয়ে হলহলাই বমি কৰিলে। ওচৰৰ ফ্ৰেটৰ মিচেছ

বাৰ্মাইহে ভূল ভাঙিলে।

 বজাৰত আজি কালি পানীলাউ পাবলৈয়ে নাই। সৰু সুৰা নিচলা মাছেৰে

পানীলাউৰ তৰকাৰী আমাৰ বৰুৱাৰ প্ৰিয় আঞ্জা৷ কিন্তু ৰামদৱেৰ ভক্তসকলে পানীলাও

কেইটা আগতেই উঠাই নিয়ে।

 সৌ সিদিনা বৰুৱা সপত্নীক তেওঁৰ ভনীয়েকৰ ঘৰলৈ জাগীৰোডলৈ গৈছিল।

ঘৰখনৰ দৃশ্যপটে অবাক কৰিলে বৰুৱাক। তেওঁৰ ভনীয়েক হে মাথো পাকঘৰত ব্যস্ত

আছিল দাদাকহঁতলৈ ভাত-আঞ্জা যোগাৰ কৰি। শহুৰ-শাহু দুয়ো প্ৰাণায়মত, ননদ

বৈশালী যোগাত, আৰু কণমানি অৰ্পিতা ওৱাৰ্ম-আপত। নাকৰ ফোচ-ফোচ, উশাহ

নিশাহৰ গধুৰ শব্দই ঘৰখনৰ পৰিৱেশটোৱেই বৰুৱাৰ বাবে অস্বস্তিকৰ হৈ পৰিছিল।

 আজিকালি মানুহ স্বাস্থ্যসজাগ হৈছে। যোগা, মৰ্ণিং-ইভিনিং ওৱাক,

নিৰামিশহাৰ-এইবোৰত মনোযাগ দিছে। ভালকথা। সিদিনা বৰুৱা বহুদিনৰ মূৰত

পাইন পাৰ্কলৈ গ’ল মৰ্ণিং ওৱাকৰ বাবে।বা, কি ভিৰ! ইমান মানুহ? বহিবলৈ,

৫৯