মনােৰমাক ক’বলৈ ভাল নালাগিল। উপাসনাই শুনিলেই বা কি ভাবিব ?
গলপতাডালে তাইৰ মুখলৈ আনি দিয়া আনন্দৰ চিকমিকনিখিনি সন্দেহ আৰু বিষাদৰ
ডাৱৰে ঢাকি পেলােৱাটো মাক হিচাপে মনিষাই কামনা নকৰে । নিজৰ মাজতে
উচ্পিচাই থাকিল, ধৰফৰাই থাকিল মনিষা। এই চাৰিটা বছৰত এদিনলৈও পাহৰা নাই
তাই অসামান্য সেই গলপতাডাল। মনােৰম আৰু তাই তিনিঘন্টা ভাৱালৰ শ্বোৰূমত
বহি ডিজাইন আঁকি সেইডাল বনাবলৈ অর্ডাৰ দিছিল।
উপাসনাৰ দুচকুত সিদিনা বাৰু লালসা নে ঈর্ষাভাৱ ফুটি উঠিছিল, যিদিনা
মণিষাই শ্বোৰূমৰ পৰা আনি আইনাৰ সন্মুখত সেইডাল পিন্ধি থিয় দিছিল ? ধেৎ,
তাই সিহঁতৰ জীয়ৰী । কিয় ইর্ষাপৰায়ণ হ’ব বাৰু?
আমনজিমন্কৈ তাই মনােৰমৰ ওচৰত ৰভাৰ তলতে সজাই থােৱা চকীবােৰৰ
এখনত বহিল। বিয়াৰ যা-যােগাৰৰ আলােচনাৰ মাজতে তাই মনােৰমক লাহেকৈ
সুধিলে,
: আচ্ছা, তােমাৰ মনত আছেনে আমাৰ এক্সিডেন্টৰ সময়ত কোনে আমাক
নাচিংহােমলৈ নিছিল ?
:হঠাৎ আজব প্রশ্ন ?
: কোৱানা ।মইতাে সংজ্ঞাহীন আছিলাে।
:যিমানদূৰ মনত পৰে, দিগন্ত আৰু এজন অটোৱালা আছিল।
:দিগন্ত আছিল ন’ ? সিতাে হস্পিতালতাে আমাক খুব চাৰ্ভিছ দিছিল ?
সেইকাৰণেইতাে উপাসনাৰ দাবী মানি তাৰ লগত বিয়া ঠিক কৰিলাে।
:ওহ্ আই চি!মােৰ সন্দেহ সঁচা হ’ল!
মুখৰ ভিতৰতে তাই আওঁৰালে।
উপাসনাই মাকৰ গলপতাডাল সৰকোৱাৰ বাবে দিগন্তক নিয়ােগ কৰিছিল,