চক্রান্ত
চাৰিবছৰ আগৰ কথা। মনিষা আৰু মনােৰম এঘৰলৈ বিয়া খাবলৈ ওলাইছিল।
নিজা গাড়ীৰে। এন্ধাৰ কেকুৰি এটাৰে ঘূৰিবলৈ লওঁতেই গছ এজোপাত খুন্দিয়াইছিল
মনােৰমৰ নতুন ইণ্ডিকাখনে। মনােৰমে গুৰুতৰ আঘাত পাইছিল। মনিষাৰ আঘাত
পাতলীয়া ধৰণৰ আছিল যদিও সাময়িক ভাৱে তাইৰ সংজ্ঞা লােপ পাইছিল। নার্চিং
হােমত প্রাথমিক পৰিচৰ্যাৰ পিছত তাই মনােৰমৰ চোৱাচিতাত লাগি গৈছিল। কিন্তু
দূর্ঘটনাটোত দুয়ােৰে আফ্চোছ আছিল মনিষাৰ হেৰােৱা গলপাতাডালক লৈহে। পঞ্চাচ
হেজাৰ টকাৰে বনােৱা একেবাৰে নতুন বাচকবনীয়া গলপাতাডাল তাই সিদিনা প্রথম
পিন্ধিছিল। ৰঙা আৰু সেউজীয়া বাখৰ খটোৱা আৰু লকেটৰ সৰু এডােখৰ হীৰা তাই
আজিও পাহৰা নাই। কোনােবাই তাইৰ সংজ্ঞাহীনতাৰ সুযােগত সৰকাইছিল।
আজি চাৎকৈ সেইডাললৈ মনত পৰিল আচৰিত এক সংযােগত। অলপ
আগতে মনােৰম আৰু মণিষাৰ একমাত্ৰ জীয়ৰী উপাসনাক দিগন্তৰ পৰিয়ালৰ মানুহে
জোৰােণ পিন্ধাই গল। কাইলৈ বিয়া। দিগন্তৰ মাকে সগর্বে বােৱাৰীয়েকৰ ডিঙিত
পিন্ধাই দিলে এডাল সু-দৃশ্য গলপতা। একেবাৰে মনিষাৰ হেৰােৱা গলপতাডালৰ দৰে।
মণিষাৰ মুখখন মেলখাই গ'ল। ইমান একে হব পাৰেনে ? জোৰােণৰ দল ঘূৰি
যােৱাৰ পিছত উপাসনাই সােলােকাই থােৱা গলপাতাডাল মণিষাই পিত্পিতাই পৰীক্ষা
কৰিলে৷ এৰা, সেইডালেই। মনােৰমে বিবাহবার্ষিকী উপলক্ষে তাইক উপহাৰ দিছিল।
আজিৰ তাৰিখৰ সেইডালৰ মূল্য একলাখ টকা হ'বগৈ। কিন্তু মনিষাৰ ডিঙিৰ পৰা
উধাও হােৱাৰ পৰা উপাসনাৰ ডিঙিলৈ বহি সুশােভিত হােৱালৈ সেইডালে কেনেধৰণৰ
যাত্ৰা সামৰিলে, সেয়া মণিষাৰ বােধগম্য নহ'ল।