গ’ল। ড্ৰইংৰুমত সৌৱা ড্ৰাইভাৰ মদন। টিভিত মগ্ন। বৰাৰ মাতত উচপ খাই উঠিল।
: খুড়া আহিলে?
: মানুহবোৰ ক’ত? শুলেই নেকি?
: নাই শুৱা। সব গ’ল। থিয়েটাৰলৈ। মই ঘৰৰখীয়া।
: খুড়ীয়েৰাই চিন্তা কৰিছিল নেকি মোলৈ?
:ক’ৰ চিন্তা? তামাম বকিলে।বেকাৰৰ দৰে আলৌ তলৌকে আদ্দা দি ফুৰিছে,
বুঢ়া বয়সত মতিভ্ৰম ঘটিছে ইত্যাদি ইত্যাদি। কাইলৈ ৰিপিট টেলিকাষ্ট শুনিবলৈ পাবই।
নহয়।
: বাৰু বাৰু। বুমন ক’ত? তাকো নিলে?
অ’ আপুনি দেখিছো একোৰে ভূ-নেপায়। ভিনদেউ আহি কাকলি বাইদেউ বুমনকে
লৈ গ'ল নহয়।
: সিহঁত গ'লগৈ? মোলৈ বাট নাচালে?
: কলৈনো গৈছিল আপুনি? কাকো কৈ যোৱা নাছিল নেকি?ঘৰৰ কিন্তু সব নৰ্মেল।
ডাঙৰদা, বৌ, পাপৰি বাইদেউ, খুড়ী। আপুনি নথকা বাবেচোন কাকো চিন্তিত দেখা
নগ’ল।
মদনৰ কথাত ৰমেন বৰাৰ মনটো জঁয় পৰি গ’ল।
: ভাত বা থলেনে নাই মোলৈ?
: বৌৱে কৈছে ফ্ৰিজত দিনৰে দাইল-তৰকাৰী আছে। আপুনি খাব খুজিলে মই গৰম
কৰি দিম।
তীব্ৰ অভিমান জাগিছিল বৰাৰ। তেওঁৰ নিৰুদ্ধেশে একো প্ৰভাবেই পেলাব নোৱাৰিলে
তেওঁৰ পৰিয়ালত। তেওঁ থকা নথকাৰ একো পাৰ্থক্য নাই ঘৰখনত।
.......উদাস মাতেৰে মদনক কলে,
: যা, ভাত বাঢ়গৈ অলপ।
০OOOO