পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পথ

 

 মাধুৰী যেতিয়া প্ৰসেনজিতৰ পত্নী হৈ তাৰ ঘৰ তথা জীৱনত প্ৰৱেশ কৰিছিল, সি

তেতিয়া এজন ল’ প্ৰফাইল বিজনেচমেন। বয়সত তাইতকৈ প্ৰায় বাৰ বছৰে ডাঙৰ।

তাই আছিল অসম্ভৱ ধৰেণ ৰূপৱতী। কুৰিবছৰীয়া দেহটো আছিল লাহী, নিটোল,

ফেহু বৰণীয়া। সাধাৰণ ছোৱালীবোৰতকৈ ওখ আছিল। বিয়াৰ এবছৰ নৌগৰকতে

এজনী ছোৱালীৰ মাক হ’ল তাই। তাৰে চাৰিবছৰ পিছত আন এজনী। সামান্য স্বাস্থ্যৱতী

হৈ পৰিছিল তাই, কিন্তু ৰূপ অটুট আছিল।

 লাহে লাহে উপাৰ্জন বাঢ়ি আহিছিল প্ৰসেনজিতৰ। যৌথ পৰিয়ালৰ পৰা ওলাই

নিজাকৈ, আটোমটোকাৰিকৈ এটা দুমহলীয়া ঘৰ সাজিলে। আধুনিক সমগ্ৰ সা-সুবিধাৰে

সুসজ্জিত কৰিলে ঘৰটো। এখন গাড়ী কিনিলে। মাৰুতি এইট হান্ড্ৰেড বা ইণ্ডিকাৰ

দৰে কমদামী নহয়। একেবাৰে স্কৰ্পিও। তাৰ চালচলন, ধৰণ-কৰণ, বন্ধু বৰ্গ সলনি

হ’ল। সি এতিয়া এম.এল.এ. মিনিষ্টাৰ জাতীয় মানুহৰ প্ৰিয়ভাজন হ’ল। বেংকৰ

মেনেজাৰ, প্ৰতিষ্ঠিত ডক্তৰ, হাইপ্ৰ’ফাইল বিজনেচমেন আদিৰ লগত উঠাবহা কৰা

হ’ল।

 মাধুৰীৰো পৰিৱৰ্তন আহিল। অকল মাত কথা, ব্যৱহাৰ পাতিতেই নহয়,

সাজসজ্জা, ধৰণ-কৰণতো। এতিয়া তাই গাড়ীত উঠি ঘুৰে। ছোৱালী দুজনীও

আঢ্যৱন্ত ষ্টাইলতেই ডাঙৰ হ’ব ধৰিলে।

 কিন্তু কি যাদুকাঠিৰ পৰশত এয়া সম্ভৱ হ’ল? এৰা, আপোনাৰ অনুমান ঠিক।

ৰূপৱতী পত্নীৰ ৰূপক আধাৰ হিচাপে লৈ প্ৰসেনজিতে নতুনকৈ আৰম্ভ কৰিছিল তাৰ

১৩