পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিজকে বিলীন কৰি দিছে। দেওৰটো বিয়া পাতি বাঙ্গালোৰৰ বাসিন্দা হ’ল, ননদজনীও

বিবাহসূত্ৰে মৰিগাঁওৰ আবাসী হ'ল। সকলোৰে অৱস্থাৰ উন্নতি হ’ল, সকলোৱে মনে

বিচৰাখিনি পালে। আনকি ৰঞ্জনেও। তাৰ ব্যৱসায়ো সম্প্ৰসাৰিত হ'ল। সিও দুইহাতে

টকা আৰ্জিলে ঘৰটো বনালে ধুনীয়াকৈ, গাড়ী কিনিলে। ৰিকু-ৰিজুয়েও মাকক আব্দাৰ

ধৰি চাদৰৰ আচলত ধৰি ঘূৰি ফুৰাৰ দিন উকলিল। শহুৰ-শাহুৰো জীৱন আৰামদায়ক।

পুত্ৰ-কন্যাৰ আবাসত প্ৰমোদ বিহাৰ কৰা, নাম-গুণত ব্যস্ত থকা...মাথো মিতালীহে

একে থাকিল।

 এয়া, আকৌ মাখিটোৰ ভূনভূননি!

 মিতালীৰ লগৰবোৰ বেছিভাগেই প্ৰতিষ্ঠিত। পূৰৱীয়ে তাইক বহুবাৰ সকিয়াইছে

কাম এটাত মূৰ গুজি ল’বলৈ। নহ'লে তই নিজকে হেৰুৱাবি-পূৰৱীৰ সকিয়নি। তাই

এটা এইডচ সম্পকীয় এন.জি.অ.ত কাম কৰে। মিতালীৰ এইচ আৰ এম ৰ

চাৰ্টিফিকেটখনৰ সুবাদত তাইৰ এন.জি.ও.ত কাম এটা যোগাৰ কৰি দিয়াটো কষ্টকৰ

নহ’ব বুলি কৈছে। কিন্তু ঘৰত সবৰে আপত্তি। এইডচৰ চাকৰি?ভাল নহ’ব নেকি?

তেন্তে সিহঁতেনো আজি আঠটা বছৰে ভাল চাকৰি এটা যোগাৰ কৰি দিব নোৱাৰিলে

কিয় তাইক?

 আলনাৰপৰা টাৱেল এখন লৈ বিচনাত বহি থকা মাখিটোক তাই একেটা কোবতে

সিপুৰী পোৱালগৈ। তাৰ পাতল ডেডবডিটো ফুৱাই খিড়িকীৰে পেলাই দিলে। শান্তি!

তাই নিজৰ অস্তিত্ব ৰক্ষা কৰিবই লাগিব। মোবাইলত পূৰবীৰ নম্বৰটো উলিয়াই ডায়েল

কৰিলে।

 :ঐ, মোৰ চাকৰিটো ৰেডি কৰি দে। মই জইন কৰিব খোজো।

○○○○○