পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাখি

 

 ৰঞ্জনৰ প্ৰেমত হাবুডুবু খাই মিতালী যেতিয়া সম্ভান্ত ঘৰখনলৈ বোৱাৰী হৈ আহিছিল, তাইৰ দুচকুত আছিল অযুত সপোন। সময়ৰ সোঁতত সেই সপোনবোৰ মৰহি শুকাই গ'ল। তাইৰ জীৱনলৈ বহু পৰিৱৰ্তন আহিল। ৰিজু আৰু ৰিকু কোলালৈ আহিল, ডাঙৰো হ'ল। ৰঞ্জনো সলনি হ’ল বহুখিনি। তোমাক সম্পূৰ্ণ স্বাধীনতা দিম, চাকৰি কৰিবা, চুৰিদাৰো পিন্ধিবা-তাৰ প্ৰেমসনা কথাবোৰ বাস্তৱত কেতিয়াও ৰূপায়িত নহ'ল। বি.এ.পাছকৰি এইচ.আৰ.এম.(হিউমেন ৰিচাৰ্ছ মেনেজমেন্ট)ৰ কোৰ্চ এটা কৰিছিল, এইবোৰ চাৰ্টিফিকেটৰ ডিমাণ্ড আছিল বাবেই। কিন্তু চাকৰিৰ সুযোগ তাই নাপালে। আচলতে ৰঞ্জনেও গুৰুত্ব নিদিলে কথাটোত। ঘৰৰ চাৰিবেৰৰ মাজত তাই আৱদ্ধ হৈ থাকিল।

 ঘৰমচি থাকোতে মজিয়াত বহি মিতালীয়ে কথাবোৰ চিন্তা কৰি আছিল। বহু দেৰিৰ পৰা মাখি এটাই তাইক আমনি কৰিছে। ঘৰমচা পানীত চিত্ৰনলা দুটোপালমান দিও তাক খেদিব পৰা নাই। এবাৰ, গালত এবাৰ কপালত, এবাৰ তাই উন্মুক্ত নাভিমণ্ডলত...মাখিটো খেদি খেদি তাই ভাগৰি গ'ল।

 আজি পহিলা জানুৱাৰী। ৰঞ্জনে তাইক শুভেচ্ছা জনাবলৈ পাহৰিলে। পুৱাতে ওলাই গ'ল। মাখিটোৱে কিজানিবা তাইক 'হেপী নিউ ইয়েৰ' কবলৈয়ে আহিছে। তাইৰ নাকৰ পাহিত বহা মাখিটোক আঙুলিৰে লাহেকৈ আঁতৰাই ‘থেংকইউ যা এতিয়া’ বুলি হাঁহি এটা মাৰিলে। আকৌ বিষাদবোৰে তাইক জুমুৰি দি ধৰিলেহি। ইমানসোপা কাম, ইমান ব্যস্ততা! বিয়াৰ পিছৰ পৰাই তাই এইখন ঘৰৰ মানুহখিনিৰ পৰিচৰ্যাত