পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বহুত পলম হ’ল

ৰচনা—এ, গ্ৰোজ্ ডাভা

অনুবাদ—শ্ৰীফটিক বৰা, (প্ৰথম বাৰ্ষিক : কলা)।

 মস্কো-টাচখাণ্ট এক্সপ্ৰেচ্ এৰিবৰ কাৰণে দুবাৰ সঙ্কেত পৰিল,—পৰিচালক সকল দুৱাৰ জপোৱাত ব্যস্ত। দ্বিতীয় শ্ৰেণীৰ কম্পাৰ্টমেন্ট এটাৰ পৰা এজন যাত্ৰী হাতত এটা ভ্ৰমণোপযোগী বাকচ লৈ নামি আহিল। এগৰাকী বৃদ্ধা পৰিচালিকাই তেওঁৰ হাতত এটা টিকট দি গুণগুণাই কলে, “যিহেতু আপুনি আপোনাৰ ইচ্ছা পৰিবৰ্ত্তন কৰিছে আপোনাৰ উদ্দেশ্য সাধন কামনা কৰিলো।” বৃদ্ধা মহিলা গৰাকীয়ে আৰু এটা বাকচ প্লেটফৰ্মৰ ওপৰত নমাই ৰাখিলে। তেওঁ মূৰ জোকাৰি মহিলা গৰাকীক ধন্যবাদ জনালে আৰু অটল দৃষ্টিৰে গেটৰ ফালে খোজ চলালে। ৰেল চলিল, লগৰ যাত্ৰী সকলে সেই মানুহজনৰ কথা ভাবিলে—কিয় তেওঁ দুৰ্ব্বোধ্যভাবে যাত্ৰাৰ মাজ ভাগতে নামি ৰ’ল।

 * * * * * *

 “এতিয়া কি কৰা যায়?” – তেওঁ মনতে ভাবিলে। বাকচ দুটা হাতত লৈ চমভ কুইৰিচেভ্ ষ্টেচনৰ হালধীয়া ৰঙৰ ঘৰটোৰ পৰা ওলাই আহিল। তেওঁ এতিয়া কেনিনো যাব একো সিদ্ধান্ত কৰিব নোৱাৰিলে। চমভে দীঘলীয়া ছুটী লৈ তেওঁৰ পত্নীৰ ফালৰ মিটিৰ-কুতুম্ব সকলৰ লগত দেখা- সাক্ষাৎ হ’বৰ কাৰণে গৈছিল; কিন্তু যেতিয়া তেওঁ মস্কো ট্ৰেইনত উঠিছিল তেতিয়া আধা বাটতে নমাৰ কথা তেওঁ সপোনতো ভবা নাছিল;- কুইৰিচেভৰ ষ্টেচনৰ কথা মনলৈ অহাই নাছিল।

 এই ঘটনা ঘটিল মাথোন এজনী ছোৱালীৰ পৰা। ছোৱালীজনী তেওঁৰ লগতে একেটা কম্পাৰ্টমেটতে আহিছিল। তাৰোপৰি চিৰপৰিচিত ভলগাৰ জলৰাশি আজ নৈৰ কাষত ইফাল- সিফাল কৰি থকা মাছমৰীয়া সকল আৰু গছ-গছনীৰ সুশোভিত দৃশ্যয়ো তেওঁৰ মন সচকিত কৰিলে। ছোৱালীজনী মাথোন আৰম্ভনিহে।

 এই ছোৱালীজনী,—চমভৰ সহযাত্ৰী তাই, খুবেই কথকী আৰু চঞ্চল। ছোৱালীজনী টাচ- খান্টলৈ মামাকৰ লগত গৈছিল। মামাক এজন বিষন্ন বদনেৰে গাম্ভীৰ্য্যপূৰ্ণ মানুহ। তেওঁ সঘনে স্মাকিং কম্পাৰ্টমেন্টলৈ গৈছিল।

 চমভক অকলে পাই সেই তেজস্বী, সমাজপ্ৰিয় ছোৱালীজনীয়ে কথাৰ উদ্ভাৱনা কৰিলে। ভ্লাডিমাৰ চমভে বিনীতভাবে হাঁহি এটি মাৰি কিতাপখন হাতৰপৰা আঁতৰাই ৰাখি কথাবাৰ্ত্তাত

যোগ দিলে।

১৫