সমললৈ যাওক

পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৪
জগন্নাথ বৰুৱা কলেজ আলোচনী

 গলয়াই ক'লে যে তেওঁৰ মাকে বৰ্তমান ওৱৰ্কাৰচ্ ডিপ্লোমাৰ কাৰণে পঢ়ি আছে আৰু তেখেতৰ সময় নাই দেখিয়েই মামাক মায়চাই তেওঁক গ্ৰীস্ম কালৰ সময়ছোৱা মাকৰ লগত কটাবৰ কাৰণে নিবলৈ টাচখাণ্টৰ পৰা আহিছে।

 “মামাই কৈছে যে, টাচখাণ্ট খুউব সুন্দৰ ঠাই কিন্তু। মই মামাৰ কাৰাণ খুউব ভয় খাইছো। তেখেত উগ্ৰ প্ৰকৃতিৰ মানুহ, আনহাতে মোৰ দেউতা খুউব শান্ত,”– ছোৱালীজনীয়ে দুঃখেৰে ক'লে।

 “তোমাৰ দেউতা ক’ত থাকে?

 “দেউতাৰ যুদ্ধত মৃত্যু হ’ল”—তাই নম্ৰভাবে উত্তৰ দিলে। যুদ্ধ শেষ হোৱা প্ৰায় দহ বছৰ হৈছে আৰু গলয়াৰ বয়স তেতিয়া মাথোন সাত বছৰ হৈছিল। মামাক ঘূৰি আহিল আৰু তেওঁ লোকে কথা পতা শুনিলে। মামাকে চমভক মনেমনে অনুৰোধ কৰিলে যাতে তাইৰ দেউতাকৰ কথা আৰু নুলিয়ায়। দেউতাকৰ কথা ওলালে তাই দুখ কৰে।

 চমভ কোমল তুলিৰ পৰা চিটত বহি পৰিল আৰু আগত কিতাপখন মেলি ল'লে, কিন্তু তেওঁ ইখিলাৰ পাচত সিখিলা পাতহে লুটিয়াই গ'ল—পঢ়া নহ'ল। তেওঁ অন্য কথাহে ভাবিবলৈ ধৰিলে। চমভে কাম কৰা অনুষ্ঠানটোৰ খাজাঞ্চিজনে তেওঁৰ দৰ্মহাৰ কিছু অংশ টকা বাদ দি ৰাখিছিল আৰু তাক কুইৰিচেভলৈ পঠাইছিল। বহুতবাৰ নতুন ঠিকনাৰ কথা জনোৱা হৈছিল কিন্তু খাজাঞ্চিজনৰ বাদে অন্য কোনেও সেই কথাত মনোযোগ দিয়া নাছিল।

 তেওঁৰ অতীতৰ কথা আনকি তেওঁৰ দ্বিতীয় পত্নীয়েও কেতিয়াও উল্লেখ কৰা নাছিল, কিন্তু এই ছোৱালীজনীৰ লগত কথা-বতৰা হোৱাৰ লগেলগে তেওঁৰ অতীতৰ সকলো কথা মনত পৰিল। বিগত দিনৰ স্মৃতিয়ে তেওঁৰ মনত খেলা কৰিবলৈ ধৰিলে আৰু তেতিয়া তেওঁ ভাবৰ আবেগ ৰোধ কৰিব নোৱাৰিলে।

 এইবিলাক কোনো আবেগপূৰ্ণ বা হৃদয়বিদাৰক সোঁৱৰণ নহয়—ই হ’ল এক মানবীয়, জ্ঞাত গধুৰ ভাব, যি তেওঁৰ মনত লুকাভাকু খেলিছে।

 “মই টাচখাণ্টৰ পৰা সোনকালে ঘূৰি আহি কুইৰিচেভলৈ যাম”, এইবুলি চমভ দৃঢ়প্ৰতিজ্ঞ হ'ল আৰু এই সংকল্প লোৱাৰ পৰাহে তেওঁ কিছু সকাই পালে। কিন্তু সন্ধ্যা সময়ত যেতিয়া কোঢ়াল কমি আহিল তেতিয়া চমভৰ মন গধুৰ ভাবে আৱৰি ধৰিলে।

 * * * * *

 চমভে তেওঁৰ প্ৰথম পত্নী ইৰিনাৰ লগত প্ৰথম চিনাকি হয় কুইৰিচেভত। সেই সময়ত ভেও প্ৰশিক্ষণ লৈ কুইৰিচেভৰ এটা কাৰখানাত কাম কৰিছিল। অপৰিচিত নগৰখনত প্ৰথমেই চমভে অকলশৰীয়া অনুভব কৰিছিল, কিন্তু অতি সোনকালেই তেওঁ সহকৰ্ম্মী সকলৰ সৈতে চিনাকি হ'ল আৰু মাজেসময়ে তেওঁলোকৰ ঘৰলৈ যাবলৈ ধৰিলে। তেওঁৰ সহকৰ্ম্মী ষ্টিপেনভিচৰ লগতে তেওঁৰ ভনীয়েকো আছিল। সেই গা-পাতল, চঞ্চল ছোৱালীজনীৰ ধুনীয়া চকুজুৰীয়ে চমভক মোহিত কৰিলে। সেই ক'লা, অলপ ডাঙৰ চকুৰে ছোৱালীজনীক কিছু আচৰিত আৰু বিষণ্ণ দেখাইছিল।