পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১২
জগন্নাথ বৰুৱা কলেজ আলোচনী

অন্যহাতে আমাৰ মানস পৰ্দাত মানুহ, গৰু-ম'হ, পশু-পক্ষী বিলাক জীৱন্ত, অমৰণ-অভগন হৈ জিলিকি থাকে।

 মোৰ দুকুৰি চাৰি বছৰ বয়সত মোৰ সপোনৰ প্ৰিয়াক দুবছৰত গড়ে এবাৰকৈ দেখিছিলো। মই তাইক এসপ্তাহৰ আগতে অলপ সময়ৰ কাৰণে দেখিছিলো, তাই সেই একেই ১৫ বছৰীয়া আৰু মই ১৭ বছৰীয়া যদিও তেতিয়া মোৰ আচল বয়স তিনিকুৰি তিনি বছৰ। এগনিছ মোৰ কাৰণে কিবা এটা বেছি সত্য; তাই মোৰ জীৱনৰ সুন্দৰ আৰু মনোৰম অভিজ্ঞতা।

 সপোনপুৰীৰ সকলোৱেই সত্য, আনহাতে, দিঠকত মুখা-পিন্ধি ঘূৰি ফুৰা, আমাৰ এই সংসাৰ খনৰ সকলোবোৰেই অসত্য। আমি যেতিয়া মৰিম তেতিয়া হয়তো আমি আমাৰ প্ৰকৃত ৰূপলৈ সপোন পুৰীলৈ যাত্ৰা কৰিম!*


  • Mark twainৰ My Platonic Sweetheartৰ ভাঙনি৷

 “আজিকালি উচ্চ শিক্ষা পোৱা অসমীয়া ডেকাৰ অভাৱ নাই কিন্তু তেওঁবিলাকৰ পৰা আমি যি পাবলৈ আশা কৰোঁ তাক নেপাওঁ। তেওঁবিলাকৰ সৰহভাগেই স্কুল বা কলেজত যি শিক্ষা আৰু কৃষ্টি অৰ্জন কৰে সেই সোপাকে চাকৰিত সোমোৱা মাত্ৰকে মোহাৰি সামৰি এচুকত দলিয়াই পেলাই দি পুনৰাই সেইবিলাক চৰ্চা কৰিব নোখোজে। এইখিনিতে এটা চুটি গল্প কবলৈ বাধ্য হলো। খলিফা আব্দুল মালিক ৰাজপাটত উঠাৰ আগতে তেখেত মদিনা নগৰত অতি বিদ্বান আৰু ধৰ্ম্মানুৰাগী পুৰুষ বুলি খ্যাত আছিল। তেখেত বেছিভাগ সময় মছজিদৰ ভিতৰত শাস্ত্ৰ আদি মনোযোগেৰে সৈতে পাঠ কৰি কটাইছিল। কিন্তু য়িদিনা তেওঁৰ পিতৃদেৱতা স্বৰ্গগামী হয় আৰু তেওঁক ৰাজপাটত উঠিবলৈ আমীৰ সকলে জয়ধ্বনি দি অভিনন্দিত কৰে সেই সময়ত তেওঁৰ হাতৰ কিতাপ- খনি জপাই থৈ এইদৰে কয় “আজিৰ পৰা তোমাৰ আৰু মোৰ ভিতৰত চিৰবিচ্ছেদ হল।” আজ প্ৰায় বাৰশ বছৰ আগেয়ে কোৱা এই কথা ফাকিৰ মূল মন্ত্ৰ আমাৰ বৰ্ত্তমান ডেকাসকলৰ গাত ফলিৱা দেখা যায়। কিন্তু এই মনোবৃত্তি আমাৰ সমাজ আৰু দেশৰ কাৰণে অহিতকাৰী।”

—ময়িদুৰ ইচলাম বৰা

(অষ্টাদশ অধিবেশন, ১৯৪০ )