পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১১
মোৰ মানসী প্ৰিয়া

স্থায়ীত্বৰ বিষয়ে কৈছিলো, উত্তৰত তাই তাৰ অস্থায়ীত্ত্বৰ বিষয়ে বহুতো ক'লে, তাই এটা শিল ভাঙি ল'লে। শিলটো এটা বাদুলী হৈ তাইৰ হাতৰ পৰা উৰি গুচি গ'ল। এই আচৰিত ৰকমৰ ঘটনা বিলাক মোৰ খুব ভাল লাগিছিল কিন্তু তাত কোনো উত্তেজনা নাছিল।

 এনেকৈ থাকোতে মই সাৰ পালো, আৰু মই তেতিয়া মোৰ এজন বন্ধুৰ সৈতে নিউইয়ৰ্ক চহৰৰ বন্দ ষ্ট্ৰীট অতিক্ৰম কৰিছো। আমি দুয়ো লাগ-বান্ধ-নহোৱা কথা পাতিছিলোঁ, প্ৰায় ১৫ মিনিট মানৰ পাচত, মোৰ বহাত শুবলৈ যোৱাৰ আগতে ডায়েৰীত মোৰ এই সপোনৰ কথা লিখিবলৈ ল'লো। লিখা শেষ কৰি যেতিয়া মই লাইটটো নুমাবৰ কাৰণে চুইচত হাত দিওঁ তেতিয়া মই অনুভৱ কৰিলো যেন মই এখন শক্তিশালী বহল মুখত হে হাত দিলো আৰু লগে লগে মই ক'ব নোৱাৰাহৈ অলস হৈ পৰিলো। লাহে লাহে মোৰ টোপনি আহিল আৰু মই আকৌ সপোন দেখিলোঁ।

 মই তেতিয়া এথেন্স নগৰীত, যিখনৰ কথা আগতে শুনিছিলোঁহে কিন্তু দেখা নাছিলো। মই তাৰ শিলত কটা মূৰ্ত্তি বিলাক নতুন আৰু ধুনীয়া বুলি ভালকৈয়ে চিনিব পাৰিছিলো। এই বিলাক পাৰ হৈ মই এটা ৰঙা বাৰান্দাৰে সজোৱা পকী ঘৰলৈ খোজ ললো। তেতিয়া ভৰ দুপৰ, তাত কোনোৱেই নাছিল। ঘৰটোৰ ভিতৰত খোজ পেলাই মই চাৰিওফালে চকু ঘূৰালো, ঘৰটো আহল- বহল, পোহৰ আহিব পৰাকৈ সজোৱা, বেৰ বিলাক মণি-মুক্তাৰে খচিত, মই এই সকলো বিলাক লিখি ৰাখিলো। দিঠকত কিন্তু মোৰ এনেকৈ লিখা মনত নপৰে। কিন্তু এই বিলকে মনত সাঁচ নৱহোৱাকৈও এৰা নাছিল, কিয়নো এতিয়াও মোৰ মনৰ পৰা সেই ছবি মাৰ যোৱা নাই, যদিও ই প্ৰায় ৩০ বছৰৰ আগৰ কথা।

 তাত এজনক লগ পাইছিলো সেয়া আন কোনো নহয়—এগনিছ, তাইৰ গাত সাধাৰণ গ্ৰীক মহিলাৰ সাজ, তাইৰ চুলি আৰু চকুযোৰ আধা ঘণ্টাৰ আগত দেখা হাৱাই দ্বীপৰ চকু দুটাতকৈ বেলেগ, তাই এখন বগা হাতী দাঁতৰ চোফাত বহি আছিল; আৰু তাই কিবা এটা গুথিছিল। মই তাইৰ ওচৰতে বহিলো আৰু কথা পাতিবলৈ আৰম্ভ কৰিলে।

 আমি যেতিয়া কথা পাতিছিলো তেতিয়া বহুতো সম্ভ্ৰান্ত গ্ৰীক্ নানা ধৰণৰ বিষয়ত তৰ্ক কৰি আমাৰ ওচৰেদি ৰাজকীয় ভঙ্গীৰে পাৰ হৈ গৈছিল, সেই সম্ভ্ৰান্ত গ্ৰীক্ সকলৰ মাজত মই বিখ্যাত দাৰ্শনিক মহামতি চক্ৰেটিচক দেখিছিলো, —তেওঁৰ নাকটো দেখিয়েই মই চিনিব পাৰিছিলো।

 আজৰি সময়ত যেতিয়া মই এথেন্স নগৰীৰ সেই বিৰাট ঘৰটোৰ কথা ভাবো তেতিয়া মই তাৰ শিল্পী জনৰ দক্ষতাৰ বিষয়ে ভূৰি ভুৰি প্ৰশংসা কৰিবলৈও নাপাহৰো, দিঠকত মই এখনো ছবি অঁকা মনত নপৰে, অথবা কোনো এখন ছবি, কোনো এজন লোকৰ হুবহু প্ৰতিকৃতিও মোৰ মনঃ- চক্ষুৰ আগলৈ আনিব নোৱাৰিছিলো কিন্তু মোৰ সপোন শিল্পী জনৰ, তুলিকাৰ প্ৰতিটো আৰ্ট সত্য নিৰ্ভুল। অঙ্কনত, কল্পনাত এওঁ সিদ্ধ হস্ত, মই দিঠকত চকুদুটা মুদি মোৰ মনলৈ সেই আগেয়ে দেখা সকলো বস্তুকে আনিবলৈ চেষ্টা কৰিছিলো আৰু প্ৰায় কৃতকাৰ্য্য হৈছিলো।

 আমাৰ সপোনত মই জনাত আমি কৰিবলগীয়া বা দেখিবলগীয়া বস্তুবোৰকে দেখো।