পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১০
জগন্নাথ বৰুৱা কলেজ আলোচনী

বিলাকৰ যেন পোহৰ কমি আহিবলৈ ধৰিলে, আৰু লাহে লাহে পোহৰ একেবাৰে নাইকিয়া হৈ কোঠাটো আন্ধাৰ হৈ পৰিল। জোনৰ মিঠা পোহৰ কোঠাটোলৈ সোমাই আহিল লগে লগে এছাটি শীতল বতাহ, তেতিয়া দেখা পালো যে মই এটা বৰফাবৃত হ্ৰদ অতিক্ৰম কৰিছো আৰু মোৰ হাত দুখন খালি, একো নাই।

 হঠাৎ সাৰ পাই দেখো যে মই চানফ্ৰান্সিসস্ক’ৰ বাতৰি কাকতৰ অফিচৰ মোৰ টেবুল খনৰ ওচৰত বহি আছো, ঘড়ীটোলৈ চাই জানিব পাৰিলে মই মাত্ৰ দুই মিনিটতকৈ কম সময় তন্দ্ৰাত পৰিছিলো। বৰ আচৰিত কথা এইটোৱেই যে তেতিয়া মোৰ বয়স ২৯ বছৰ।

 ইয়াৰ পাছৰ দু বছৰৰ ভিতৰত মোৰ সপোন প্ৰিয়াক ছেগাচেৰেকাকৈহে দেখা পাইছিলো।

 মই ১৮৫৬ চনত কেই মাহ মান হাৱাই দ্বীপত কটাইছিলো, আৰু সেই বছৰৰ আক্টোবৰ মাহত চানফ্ৰান্সিস্কত মই প্ৰথম বক্তৃতা আৰম্ভ কৰিছিলো। তাৰ পাছৰ বছৰৰ জানুৱাৰী মাহত মই আকৌ মোৰ সপোনৰ প্ৰিয়াক দেখিছিলো।

 এই সপোনটোত মই আকৌ চানফ্ৰান্সিস্ক’ৰ অপেৰা হাউচৰ ৰঙ্গমঞ্চত বক্তৃতা দিবলৈ সাজু হৈছিলো। কেইআষাৰ মান কৈছিলো মাত্ৰ তাৰ পাছত ৰৈ গলো; ভয়ত শেতা পৰিলো কাৰণ মোৰ কবলৈ একোৱেই নাছিল, কিছু সময় মই থতমত্ খাই আছিলো। পাচত মানুহৰ ভেঙুচালিৰ পৰা হাত সাৰিবলৈ বুলি কেই আষাৰ মান কবলৈ মুখ মেলিলো। মুঠতে কেউপিনে হাঁহিৰ ৰোল উঠিল। মোৰ লাজ লগা স্বত্তেও এই সকলো বোৰ মূৰ পাতি লৈছিলো। মোৰ এই দোষ বোৰৰ কাৰণে নীচ লোকৰ দৰে ক্ষমা খুজিছিলো তাৰ উত্তৰত শ্ৰোতা সকলে মোৰ বক্তৃতাত ধিক্কাৰ দি গালি-পাৰি বাহিৰ হৈ গৈছিল। যেতিয়া কোঠাটো একেবাৰে জনশূন্য হ’ল, তেতিয়া মোৰ পৰিচিত এটা সপোন সুৰীয়া মাতে মোৰ সকলো দুখৰ অন্ত পেলাইছিল....ৰ—বা—ৰ্ট—এগনিছে মাতিছিল? এগনিছ বুলি মইও চিঞৰি দিছিলো।

 পিচ মুহুৰ্তত আমি ফুল গোটাই, হাৱাই দ্বীপৰ ফল-ফুলে জাতিস্কাৰ লাও উপত্যকা (1ao valley) নামৰ পাছ পাইছিলোগৈ। গছৰ ছাঁত বহি আমি আকাশী লতাৰ আকাশৰ মাজলৈ যোৱা আগ বিলাক চাই আছিলো। তাৰ ফুলি থকা সেউজীয়া আগবিলাক নিস্তেজ দেখা গৈছিল যেন বহুত দূৰৰ সাগৰৰ মাজৰ ৰিনিকি ৰিনিকি দেখা এটা দ্বীপ। পাছত আমি পৃথিবীলৈ আমাৰ দৃষ্টি নমাই আনিছিলো।

 এটা চৰাই উৰি আহি তাইৰ গাত পৰিলহি, মই তাক মোৰ হাতলৈ লৈ আনিলো। লাহে লাহে তাৰ পাখীবোৰ সৰি গ'ল আৰু চৰাইটোক এটা সৰু মেকুৰী হোৱা দেখা পালো। সেই মেকুৰীটোও এটা ঘূৰণীয়া বল হ’ল, বলটো নোম আৰু দীঘল ঠেঙ্গেৰে এটা বিষাক্ত মকৰা হ'ল যেতিয়া এই বিষাক্ত মকৰাটোৰে এটা তথা মাছৰ ৰূপ লোৱা দেখিলো তেতিয়া তাক মই দলিয়াই দিলো।

 পৃথিবীৰ বস্তুবিলাকৰ ক্ষণস্থায়ীত্বৰ বিষয়ে এগনিছে কবলৈ ধৰিলে—মই যেতিয়া শিল এটাৰ