পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৭
জেদ্ মাতৃ

 “মই উত্তৰ দিয়াৰ আগতেই তেওঁ গুছি গৈছিল। মই তেওঁৰ পাছে পাছে গৈয়ো তেওঁক নাপালো। পৃথিবীত কোনোৱে নজনা কোনত তেওঁ অদৃশ্য হৈ পৰিছিল।”

 গৱৰ্ণৰৰ কথাৰ অন্ত পৰাৰ লগে লগে ওচৰৰ কোঠাটোৰ পৰা তিৰোতা মানুহৰ বেদনা দীন্ চিঞৰ শুনা গ'ল। সেই চিঞৰটো ইমান কৰুণ আৰু বেদনা সনা আছিল যে কোঠাটোৰ সকলো মানুহেই অধীৰ হৈ পৰিলে। অৱশেষত বুঢ়া কমিচনাৰ জন বেদনাত বুকুভাগি মজিয়াত পৰি থকা মেলিনাৰ ওচৰলৈ দৌৰি গ'ল।

 পৰিয়ালটোৰ ভাগত বেচি আন্তৰিকত থকা এজন অতিথিয়ে উদভ্ৰান্ত গৱৰ্ণৰ জনক ফুচফুচাই ক'লে “সেই জনী কমিচনাৰৰ জীয়েক, তায়েই সেই দেৱী গৰাকী। মোৰ সম্পূৰ্ণ বিশ্বাস যে আপোনাৰ সেই শিল্পী জন তাইৰ গিৰিয়েক, চেংপোৰ বাহিৰে আনকোনোৱেই নহয়।”

 কিছুপৰ সহজ হোৱাৰ পাছত তাই লাহে লাহে সকলোৰে আগত থকা টেবুল খনৰ ওচৰলৈ আহিল। তাই হাত দুখন বাৰে বাৰে মূৰ্ত্তিজনাৰ ওপৰত ফুৰাই দিলে আৰু অৱশেষত তাই জোৰেৰে সাৱতি ধৰিছিল। তেতিয়া তাই অনুভব কৰিলে যেন আকৌ এবাৰ গিৰিয়েকৰ হিয়াৰ আঁহে পাঁহে জাপ খাই থকা মৰম খিনিৰ উম পাইছে। আলহীবৃন্দই অনুমান কৰিব পাৰিছিল যে শিলৰ মূৰ্ত্তিজনা আৰু ছোৱালী জনী দুয়োজনী অবিকল একেজনী মানুহেই।

 যেতিয়া সমস্ত কাহিনী গৱৰ্ণৰজনে শুনিলে তেতিয়াতেওঁ ক'লে,—

 “মোৰ মূৰ্ত্তি গৰাকী তুমি ৰাখা। মই সম্ৰাজ্ঞীৰ কাৰণে আন উপহাৰৰ ব্যৱস্থা কৰিম। মই ভাবো ই তোমাক যৎকিঞ্চিৎ পৰিমাণ হলেও কিছু সান্তনা দিব। তোমাৰ স্বামীৰ সৈতে পূৰ্ণ মিলন নোহাৱালৈকে এইটো তোমাৰ।”

 সেইদিনাৰ পৰা কিবা এটা অচিন বাধিয়ে খুলি খুলি খোৱাৰ দৰে মেলিনা দুৰ্ব্বল হৈ পৰিছিল। কমিচনাৰ জনে চেংপোক পোৱাহেতেনো সকলো বোৰ দোষ মাৰ্জ্জনা কৰিলেহেতেন। পিছৰ বসন্তত কেণ্টনৰ গৱৰ্ণৰৰ পৰা সংবাদ পোৱা গ'ল যে চেংপোৰ কাৰণে কৰা সকলো অনুসন্ধানেই অৰ্থহীন।

 তাৰ দুবছৰৰ পাছত চহৰত দেখা দিয়া সংক্ৰামক ৰোগত পৰি চেংপোৰ লৰাটো ঢুকাল। মেলিনাই তেতিয়া চুলি খুৰাই কেৱল মাত্ৰ জেদৰ মূৰ্ত্তি গৰাকী লগতলৈ ’কনভেন্টত’ সোমাইছিল। যাজকনী সকলৰ মতে তাই এখন সুকীয়া জগতত বাস কৰিছিল। আনকি কোনো সন্ন্যাসিনীকে আদিকে তাইৰ কোঠালৈ সোমাবলৈ নিদিছিল।

 যাজকনীয়ে গৱৰ্ণৰজনক কৈছিল যে মেলিনাই ওৰেৰাতি স্তুতিগীত লিখি জেদ মূৰ্ত্তি গৰাকীৰ সন্মুখত পুৰি পেলোৱা দেখা গৈছিল। তাইৰ সুকীয়া জগত খনত কাৰোৰ প্ৰৱেশাধিকাৰ নাছিল। কিন্তু তাই সম্পূৰ্ণ সুখী আছিল আৰু কাকো অহিত চিন্তা নকৰিছিল।

 কনভেণ্টলৈ অহাৰ কুৰি বছৰ মানৰ মূৰত মেলিনাৰ মৃত্যু হ’ল। এই দৰে মৰণশীল দেৱী

গৰাকী লোক সমাজৰ পৰা নিঃছিন্ন হৈ গ'ল। কিন্তু জেদৰ মূৰ্ত্তি গৰাকী স্থায়ী হৈ ৰৈ গ'ল।*


  • Lin Yutangৰ প্ৰেমৰ গল্প 'The Jade Goddessৰ ভাঙনি।