পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

মোৰ মানসী প্ৰিয়া

ৰচনা—মাৰ্ক টুৱেইন

অনুবাদ – শ্ৰীগুণীন্দ্ৰনাথ দত্ত (তৃতীয় বাৰ্ষিক : কলা )

 মই তাইক প্ৰথম লগ পাইছিলো, যেতিয়া মোৰ বয়স সোতৰ আৰু তাইৰ পোন্ধৰ আছিল। এইটো আছিল সপোনৰ কথা। আন আন সপোন বোৰৰ দৰেই ইও এটা সপোন। তেতিয়া মই আছিলো মুচৌৰীৰ কোনোৱা এখন গাৱঁৰ সীমাত থকা কাঠৰ দলংখনৰ ওচৰত আৰু সেইয়া তাই—মোৰ পৰা পাঁচ খোজ মান আঁতৰত। সেই নিজান প্ৰান্তত আমাৰ বাহিৰে কোনোৱেই নাছিল। আমাৰ পাছত গাৱঁৰ শেষ মানুহ ঘৰ। সেইটো এজন কমাৰৰ ঘৰ। কমাৰ শালৰ নীৰবতাক নেওচি যোৱা হাতুৰিৰ কোব বিলাক শুনি মোৰ খুব ভাল লাগিছিল। এই শব্দ বিলাকত মই কিবা এটা অনুশোচনাৰ সুৰ থকা যেন লক্ষ্য কৰিছিলো। এইটো কিহৰ মই নাজানিছিলো; কিজানি তুমিও নাজানা। আমাৰ সন্মুখৰ দিগন্তত মিলি যোৱ গাৱৰ একা বেঁকা নিজান বাটটো এডাল ফিটাৰ দৰে পৰি আছিল।

 মোৰ এই সকলোবোৰ মনত আছে – তাইকো। এই ধৰা তাইৰ খোজ-কাটল আৰু সাজ-পাৰৰ ধৰণ-কৰণ। উপমা দিবলৈ হলে ক'ব লাগিব মই তাইৰ নিচেই কাষতে আছিলো। কাৰণ মই তাইক ভাল পাইছিলো। তাইৰ বিষয়ে একো নাজানিছিলো যদিও, তাই মোৰ এই আচৰণ বিলাক বেয়া পোবা নাছিল। কিয়নো কোনো প্ৰতিবাদৰ লক্ষণ মই সেইফালৰ পৰা দেখা নাছিলো। বৰঞ্চ তাইও এখন হাতেৰে মোৰ ককাঁলত জোৰেৰে ধৰি মুখখন মোৰ মুখৰ ওচৰলৈ তুলি দিছিল। মোৰ ওঁঠৰ পৰশত তাইৰ সেই সৰু ৰঙা ওঁঠ দুটা বেচি ৰঙা হৈ উঠিছিল৷ আৱেগত তাই চকু দুটা মুদি দিছিল। মোৰ এই মৰমৰ চুমা বিলাক তাই এনে ভাবে লৈছিল যে মোৰ চুমা নিদিয়াটো বা তাই গ্ৰহণ নকৰাটো যেন কিবা এটা অস্বাভাবিক।

 আমাৰ এই মিলন-প্ৰীতি ভাই-ভনীৰ নহয়। তাতোতকৈও ঘনিষ্ঠ। ই কোনো প্ৰণয়নীৰ ভাল পোৱাও নহয় কাৰণ ই কাম গন্ধহীন কিবা এটা বেছি ধুনীয়া, বেছি আকৰ্ষণীয়।

 আমি খোজ কাঢ়ি গৈ আছিলো কোনো এক বৃদ্ধ বন্ধুৰ দৰে গল্পৰ মহলা মাৰি। তাই মোক জৰ্জ্জ বুলি মাতিছিল। অৱশ্যে সেইটো মোৰ আচল নাম নহয়। তাই দিয়া নাম হে আছিল। মই হলে তাইক এলিচ্ বুলি মাতিছিলো। এনেকৈ আহি থাকোতে আমি ক'ব নোৱাৰাকৈ এটা সম্পূৰ্ণ কাঠেৰে নিৰ্ম্মিত ঘৰত সোমাই পৰিলো। ঘৰটোত থকা টেবুলখন নানা ৰকমৰ