পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০
জগন্নাথ বৰুৱা কলেজ আলোচনী

 চেনেহৰ বন্ধনত আমি আবদ্ধ হৈয়েই ‘শুশ্ৰূষা’ কৰোঁ,—পিতা-মাতা, গুৰুজন, অতিথি আদিক। মৰক একেলুৱা ৰোগীয়েও শুশ্ৰষা ( Nursing) পালে ৰোগৰ যেন বহুতেই উপশম হয়। ৰোগ,শোক, জড়া মৃত্যুৱে ধুৱলী-কুৱলী কৰি যোৱা পৃথিবীখনত যদি অকণমানো শান্তিৰ ৰেঙনি আছে,তেন্তে তাৰ গুৰিতেই আপোনজনৰ “শুশ্ৰূষা’’৷

 পুৰণি পৃথিবীৰ পাত, এখিলা লুটিয়াই চাওঁ দেখিম-ৰাজ্য, ধন, ঐশ্বৰ্য্য-বিভূতি সকলো দলিয়াই থৈ গহীন বনতো ৰামচন্দ্ৰ সুখী হ’ব পাৰিছিল। সীতাৰ পৰা পোৱা, লক্ষ্মণৰ অন্তঃকোণৰ পবিত্ৰ মৰমেৰে গঁথা শুশ্ৰূষা খিনিক লৈ, ৰাবণে সীতাক হৰি নিয়াৰ পাছত ৰামে যেতিয়া সীতাক বিছাৰি ক্লান্ত হৈ পৰে, তেতিয়াও তেওঁ চিঞৰি উঠিছিল—

‘গাঢ়মালিঙ্গ বৈদেহী দেহিমে দৰ্শন প্ৰিয়ে
তজ্যতাং দীৰ্ঘৰোছতাং কিণ্ণু, নিষবাৰুনাময়ী।
দেবী বিজ্ঞাপয়ামী ত্বাং সত্ত্বং চৰিত্ৰশালিনী।
নিৰ্ব্বাসীতাসি বিষয়া দশিমন দোষে প্ৰসীদমে”।

জীৱনৰ প্ৰত্যেক ক্ষেত্ৰতেই শুশ্ৰষাৰ লগত আমাৰ পৰিচয়। পিতা-মাতা আত্মীয় সকলৰ প্ৰতি আমাৰ শুশ্ৰূষাৰ জৰিয়তেই মৰমৰ প্ৰকাশ। জন্মৰে পৰা নিয়ঁতিৰ লগত যুঁজি যুঁজি অৱশ হৈ পৰা আমাৰ বৃদ্ধ পিতা-মাতাই সন্তানৰ পৰা শুশ্ৰূষাৰ বাহিৰে একোৱেই নিবিচাৰে, সন্তানৰ পবিত্ৰ শুশ্ৰূষা পালে, চেনেহৰ চকুপানী টুকিয়েই জড়া অৱস্থাতে পিতৃ-মাতৃয়ে সন্তোষৰ ৰেঙনি পায়।

 গুৰুজনক শুশ্ৰূষা কৰা ভাৰতীয় হিন্দুৰ প্ৰধান ধৰ্ম্ম। পুৰণি পুথিৰ পাতত চকু ফুৰালেই ইয়াৰ জীৱন্ত প্ৰমাণ পাম। অন্তৰৰ পবিত্ৰ ভক্তি, নিভাঁজ স্নেহৰ পৰিচয় একলব্যই দিছিল। তেওঁৰ সোঁহাতৰ বুঢ়া আঙুলিৰে, গুৰুজনক কৰা ‘শুশ্ৰূষাৰ’ সেই ত্যাগ, সেই গুৰু ‘শুশ্ৰূষা’ বিশ্বৰ ইতিহাসত সোণালী আখৰেৰে লিখা ৰ’ব।

 এই দৰে জীৱনৰ প্ৰত্যেক স্তৰতেই শুশ্ৰূষা বিচাৰি মানুহ বলীয়া। মানুহে মানুহৰ প্ৰতি চেনেহ প্ৰকাশে এই শুশ্ৰূষাৰ যোগেদি। সংসাৰ মৰুভূমিত শুশ্ৰূষাই সৰোবৰ। জীৱন যুঁজত যুঁজি যুঁজি তৃষিত মানৱাত্মাই শুশ্ৰূষাৰ একাজলী পৰশ পালেই তৃষ্ণা পাহৰে। নিয়তিৰ লগত যুঁজি যুঁজি দুখ, বেজাৰৰ কাঁইটেৰে ৰাঙলী হোৱা মানুহে কাৰোবাৰ শুশ্ৰূষাৰ সহায়ত জীৱনৰ দুখ- দৈন্যক পাহৰণিৰ মকৰা জালেৰে ঢাকি থ'ব পাৰে। মানুহৰ শুশ্ৰূষা পায়েই সম্ভৱ ৰবিঠাকুৰে কৈছিল-

“মৰিতে চাহিনা আমি সুন্দৰ ভুবনে
 মানৱেৰ মাঝেআমি বাচিবাৰ চাই।”

 মানুহৰ আন্তৰিক শুশ্ৰূষাই স্বৰ্গপথৰ কথাও পাহৰাই দিয়ে। পুৰণি পৃথিবীত নতুনৰ বোল পৰে। সেউজীয়া পৃথিবীখনক শুশ্ৰূষাই যেন আৰু মনোৰমা কৰি গঢ়ি তোলে। অৱস্থাৰ পদে পদে শুশ্ৰূষাই নিজকে পোহৰ বিলাই যায়। আমি চাওঁ সময়ৰ লগে লগে ‘শুশ্ৰূষাৰ’ প্ৰয়োজন কেনেকৈ আমাৰ আগত আহি পৰে—,