পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
পৰিচয়

মোৰ বুকুৰ সোণ নাই ক' মই কেনেকৈ থাকো—? কলিয়াই মুখেৰে একো নামাতিলে। মাতিলে লাভ নাই। পদুমীয়ে সান্তনা বুজি নাপায়। এইবাৰ পদূমী ৰ'ল। লাহে লাহে ক’লে বুজিছ কলিয়া, মোৰ তেজ মাংসৰে গঢ়া ‘সোণ’ মৰি গৈছে, মইতো বলীয়া হোৱা নাই। মইতো কন্দা নাই। কিন্তু তই মোৰ মৰমৰ—অতি মৰমৰ তয়ো জীয়াই থাকি কিয় মৰি গৈছ? এইবাৰ কিন্তু কলিয়াই চকুপানী টুকিলে। তাৰ সুপ্ত হিয়াৰ গুপ্ত কোনত মৰমৰ আঘাট পৰিল। সি কান্দি কান্দিয়েই চাহপানীৰ বাটিটো তুলি ললে। মৰণাৰ পৰা মনবৰে কোৱা শুনিলে—“হয়নে কলিয়া” [মনবৰে গৰুৰ ভৰিত লগা পাকটো খুলিবলৈ যত্ন কৰিলে।] কলিয়াই ভাবিলে মনবৰে হৈ যোৱা ঘটনাটোৰ বাবে তাক ক্ষমা খুজিব। কঁকালৰ বিষটোৱেই বা কিমান ভাল হৈছে ইত্যাদি। কথা বোৰ সুধি তাৰ প্ৰতি সি দৰদ দেখুৱাব। সিটো কাহানিবাই তাক ক্ষমা কৰিছে। কলিয়াই তাৰ কথা শুনিবলৈ ৰৈ থাকিল। ইতিমধ্যে সিও পাকটো খুলি কবলৈ ধৰিলে—এইবাৰ চৰকাৰে বোলে খাজনা কিছু ৰেহাই দিব? কলিয়াক এইষাৰ কথা সোধাৰ কোনো মূল্য নাই। যিটো মানুহে টকা দহোটা খৰছি মাৰি লিখিব নোৱাৰে [দুৱাণী, সিকি, আধলী আদিৰ সৈতে] যিটো মানুহে কি ভাওনা হব তাক নাজানে, সেইটো মানুহে খাজনাৰ কথা কিয় জানিব? মনবৰে কলিয়াৰ লগত এনে কথা নপতা হল সেই দিনাৰ পৰা। অবশ্যে মাজে মাজে মনবৰে দুই চাৰিটা কথা তাক কয়। সেইদিনা তাক কমতো লাজত পেলালেনে? মহাভাৰতৰ বিষয় লৈ সিহঁত দুটাৰ মাজত আলোচনা হৈছিল। ধৃতৰাষ্ট্ৰ কনা নে পাণ্ডু কনা। মনবৰে তাক পাণ্ডু কনা বুলিয়েই মহাভাৰতৰ আখ্যান এটা কৈ গ'ল। পিচ দিনা নামঘৰত আখৰা হওতে কলিয়াই কথাটো উলিয়ালে। কলিয়াৰ এটা দস্তুৰ [ এৰা এইতো দস্তুৰ বুলিয়েই কব লাগিব ] আছিল সেইটো হৈছে— মনবৰে যি কথাই কওক বিনা প্ৰতিবাদে মানি লোৱা। মনবৰৰ কথা সি খুব মানে আৰু মনবৰে কোৱা কথাত সি ভুল নেদেখে। আখৰাত দুই পক্ষ হল। এপক্ষই বায়নক সমৰ্থন কৰিলে আন পক্ষই কলিয়াক সমৰ্থন কৰি তৰ্কাতৰ্কি চলালে। সিহঁতে ইয়াৰ সমাধান কৰিব নোৱাৰিলে পাছে জানিবা ৰত্ম বাপুৱে মহাভাৰতৰ এক আধ্যা পঢ়ি শুনালে। তেতিয়াহে সিহঁতে আচল কথাটো গম পালে। কলিয়াৰ পক্ষ লোৱা ডেকা লৰা কেইটাই যেতিয়া কলিয়াক সুধিলে তোক কোনে কৈছিল। কলিয়াই মনবৰৰ কথাকে কলে। পাছদিনা সিহঁতে পথাৰত উঁকিয়াই উঁকিয়াই মনবৰক ঠাট্টা কৰিলে। সিদিনাৰে পৰা মনবৰ সীমাবদ্ধ হল। কলিয়াক কথা ভাবি চিন্তিহে কোৱা হ’ল। আজি খাজনাৰ কথাষাৰ সোধাৰ বেলেগ অৰ্থ কলিয়াই বিচাৰি পালে। কলিয়াই আকাশলৈ চালে! কুৱঁলীয়ে জোনটোক আৱৰিব পৰা নাই। জোনটোৰ পোহৰ বিলাক কুৱঁলীৰ মাজেদি সৰকি আহিছে! তাৰ মনত পৰিল। পদুমীয়ে পথাৰত কেনেকৈ তাক চিঞৰি মাতে টেঙা খাবলৈ, চাহপানী খাবলৈ। কলিয়াৰ মনত বেজাৰ লাগিল। বহুদিনৰ পাছত সি আহিছে মনবৰৰ লৰাটো মৰাৰ কথা সি গম পায়। তাৰ মনত বেজাৰ লাগিছিল। কিন্তু তাৰ ককালৰ বিষটোহে খাই দিলে। চাহ খাই কলিয়া গলগৈ। মৰণা সৰিল।