পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
জগন্নাথ বৰুৱা কলেজ আলোচনী

 মনবৰে ইমান সময় আধা সৰা মুঠি এটা লৈ ধান বোৰ এটা এটাকৈ চিঙি ভাবিবলৈ ধৰিলে। কলিয়াটো বাৰু কি? এবাৰ সি কলিয়ালৈ চালে। বেচেৰা একেবাৰে ভাঙ্গি পৰিছে। চকু দুটা আজি তাৰ বেছি সোমাই গৈছে। ডাড়ী বোৰ বেছি গজি গৈছে। কলিয়াক এবাৰ সি ক’ব—বৰ দুখেৰে ক’ব তাৰ হৈ যোৱা ভুলটোৰ কথা নাভাবিবলৈ। কলিয়াক সি আৰু বহুত কথা ক’ব। ইতিমধ্যে কলিয়াই এখোজ দুখোজ কৈ মনবৰৰ ওচৰ চাপি এবাৰ মনবৰলৈ চালে। মনবৰে তাক খঙ কৰা নাইতো?

 “যা ভিতৰলৈকে যা নবৌয়েৰ আছে। চাহপানী এটোপাকে খাই আহ” মনবৰে আগৰ কথা কিয় নুলিয়ালে কলিয়াই বুজিলে। পূৰা এমাহৰ পিছত আজি কলিয়া সিহঁতৰ ওচৰলৈ ঘূৰি আহিছে। বহুত দিনৰ মূৰত দুটা আঁওসীৰ পাছত আজি কলিয়াক মনবৰে দেখিছে। মনবৰৰ দুখ বেছিকৈয়ে লাগিল। অনবৰত কথা পাতি থকা কলিয়া মৌন হৈ থকাৰ বাবে। কলিয়াই ইমান সময়ে বোধ হয় চাহ পানীৰ বাটি হাতত লব পায়। মনবৰে এবাৰ তাৰ নিজৰ কথা ভাবিবলৈ ধৰিলে। ক’ৰ মানুহ সি, ক’ত আহি আছেহি। আৰু কলিয়া। তাৰ প্ৰতি যেন সি অবিচাৰ কৰিছে। এইয়া কলিয়াৰ প্ৰতি যেন একো দৰদ দেখুৱা হোৱা নাই। কলিয়াক সি বহুত কথাই ক’ব।

 মনবৰৰ এই কথাষাৰত কলিয়া আচৰিত নহল। কলিয়াই এই কথাষাৰকে বিচাৰি আহিছিল। সি মনবৰক জানে। সাগৰৰ দৰে শান্ত—কিন্তু গম্ভীৰ। এই কথাষাৰ এমাহ আগতে কলিয়াই তাৰ ঘৰতে শুনিম বুলি আশা কৰি আছিল। মনবৰৰো কলিয়াৰ ওচৰলৈ যোৱাৰ ইচ্ছা খুবেই আছিল। কিন্তু তাক বাধা দিলে—ভুলটোৰ ক্ষমা নোহোৱাৰ বাবে।

 পদুমীয়ে ভাতৰ পানী কাঢ়িছিল। কলিয়া সোমাই আহিল। কলিয়া দুৱাৰ মুখতে থিয় দি থাকিল। তাৰ মাতিবলৈ শঙ্কা হোৱা নাছিল—তাৰ খুব লাজ লাগিছিল। কিয় জানো কলিয়াই নবৌৰ ওচৰত খুব লাজ কৰে। গাৱঁৰ কত ছোৱালী আছে। নবৌতকৈ ডাঙৰ ছোৱালীও কলিয়াই দেখিছে। সিহঁতৰ ওচৰতত কলিয়াই লাজ কোনো দিন কৰা নাই। নবৌৰ ওচৰত সামান্য দোষ এটা কৰিলেও কলিয়াৰ ভয় হয় জানোছা নবৌয়ে তাক টান কথা ক’ব। কলিয়াই মনবৰ আৰু পদুমীৰ পৰা টান কথা শুনিবলৈ ৰাজি নহয়। ইতিমধ্যে পদুমী চাহ কৰাত ব্যস্ত হ’ল। কলিয়া থিয় দি থাকিল। আজি যেন তাৰ প্ৰতি সকলো বিলাক ব্যস্ত হৈ পৰিছে। কলিয়াই বিচনা খন চালে। তাত কোনো নাই। এবাৰ পদূমীলৈ চালে-পদুমীয়ে যেন কিবা এটা অবুজ ভাষাত তাক কথাবোৰ কৈ আছে। সি যেন বুজিব পৰা নাই। এই এমাহ কাল পদুমী আৰু মনবৰৰ সংসাৰ খনত যেন বহুত কিবা কিবি হৈ গ'ল। পদুমীয়ে কান্দিলে। কলিয়া ইমান দিন নহাৰ বাবে। কলিয়াইতো ইচ্ছা কৰি নাহি থকা নাই। তাৰ বিষটোৱেহে তাক বাৰুকৈয়ে আহুকাল দিলে। পদুমীয়ে উচুপিয়েই কোৱা সি শুনিলে—কলিয়া তই আহিবি আহিবি বুলি সদায় বাট চালোঁ। তই