পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
অসমীয়া ভাষা আৰু অসমীয়া মহাজাতিৰ অৱদান

ধ্বনিত হৈ থাকিব–“জান্তা আৰু গড়গাওঁ দুই নহয়, তোমাৰ আমাৰ প্ৰীতি নতুন নহয়—পূৰ্ব্বাৱধি চলি আহিছে।” এই খিলঞ্জীয়া প্ৰীতিৰ বহুল বৃদ্ধিৰ বাবে অসমীয়াই যত্ন কৰা উচিত ও কৰিবই লাগিব। খাছীয়াসকলৰ “বাউলাং” অসমীয়াৰ “বুঢ়া-গোঁহাই” আৰু বড়োকছাৰী সকলৰ “বুঢ়া-বাথো” একেই।

 অষ্ট্ৰিক জাতীয় অৱদানবোৰৰ পাছত এতিয়া আমি মঙ্গোলীয়ান জাতিৰ অৱদানবোৰ ফঁহিয়াই চালে দেখিম—এওঁলোকৰ যুগতে অসমত দ্ৰুতভাবে তাম্ৰযুগ, ব্ৰোঞ্জযুগ আৰু লৌহযুগৰ আৰম্ভ হয়। মঙ্গোলীয় জাতিৰ বড়োকছাৰীসকলৰ অৱদান অসমীয়া সভ্যতা সংস্কৃতিত বিশেষভাৱে উল্লেখযোগ্য। বড়ো-কছাৰীসকলক বাদ দি অসমীয়া জাতিৰ অস্তিত্ব পোৱাটোয়েই বিৰল হৈ পৰিব। মঙ্গোলীয় জাতিৰ তাঁতশিল্প অসমীয়া পৰ্ব্বত ভৈয়ামৰ সম্প্ৰীতিত এক বিৰাট নিদৰ্শন। বিশেষকৈ মুগা আৰু পাট শিল্পই প্ৰধান। বিয়া বাৰু সংক্ৰান্ততো অসমীয়াৰ লগত এই বড়ো কছাৰীৰ আৰু খাছিয়াসকলৰ বহুত মিল আছে। মঙ্গোলীয় জাতীৰ গা ধন দিয়া প্ৰথা আমাৰ অসমীয়া গা ধন দিয়া প্ৰথাৰ লগত একে।

 অসমৰ অন্তৰ্গত আৰু দাঁতিকাষৰিয়া আদিমবাসীসকলৰ মাজত গঢ়ি উঠা বিৰাট সমন্বয়ৰ ভেটি কটকটীয়া কৈ বান্ধি উঠাৰ বহু যুগৰ পাছতহে আৰ্য্যসকল অসমলৈ আহিছিল। আৰ্য্য সভ্যতাৰ জিলিঙনি পৰাৰ লগে-লগেই লিখন-কালীৰ সৃষ্টি হ’ল ,শাস্ত্ৰৰ আলোচনা চলিল—আৰু এক নতুন জেউতিৰ বোল সানি প্ৰাচীন অসমীয়া সংস্কৃতিয়ে উন্নতিৰ পথত আগুৱাব ধৰিলে। নৰকাসুৰ-ভগদত্তৰ দিনৰ পৰাই এই আৰ্য্য-অনাৰ্য্যৰ সংসৰ্গ আৰু আদান-প্ৰদানৰ জৰিয়তে অসমীয়া কৃষ্টি আৰু সভ্যতা পৰিপুষ্ট হৈ উঠিল।

 আৰ্য্য-অনাৰ্য্যৰ মিলনে আৰু দুয়োৰে আদান-প্ৰদানে পৰস্পৰৰ সামাজিক আৰু অৰ্থনৈতিকমজীৱনত প্ৰভাৱ বিস্তাৰ কৰিলে। অসমীয়া ভাষাৰ শব্দসম্পদ, অসমীয়া সমাজনীতি, উদাৰতা, নৃত্য-গীতৰ বহুমুখী উৎস এই সকলো ক্ষেত্ৰতে আদিমবাসীসকলৰ সৈতে সংঘৰ্ষৰ প্ৰভাৱ পৰিছে। যুদ্ধ-বিগ্ৰহ আদিতো তেওঁলোকৰ শক্তি একান্ত লাগতিয়াল আছিল।

 অৰ্থনৈতিক ক্ষেত্ৰত দেখিছো আগৰ পৰাই অসমৰ পৰ্ব্বত-ভৈয়াম দুয়োবাসী দুয়োৰে ওচৰত ধৰুৱা। স্মৃতিৰ বহিৰ্ভূত কালৰ পৰাই এওঁলোকে একে অসমৰ বুকুতে ডাঙৰ দীঘল হৈছে। একে জলবায়ু সেবন কৰিছে। পৰ্ব্বতীয়া সকলে মূল্যবান কপাহ, ফল, আলু, খনিজ পদাৰ্থ আৰু ভৈয়ামৰ লোকসকলে খোৱা-লোৱা বস্তুৰে দুয়োকে দুয়ো সহায় কৰি আহিছিল। ভৌগলিক হিচাবে অসমৰ মনোৰম পৰ্ব্বতমালাই অসমক বাহিৰৰ শত্ৰুৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰি অহাৰ উপৰিও সৌন্দৰ্য্য বৃদ্ধি কৰিছে।

 সামাজিক ক্ষেত্ৰত এওঁলোকৰ মিলাপ্ৰীতি আছিল অটুট। দুইবাসীৰ মাজত বৈবাহীক সম্বন্ধও ঘটিছিল। যি নগাভাইসকলৰ মাজত এদিন আমি ‘ডালিমিৰ’ নিচিনা এখন সৰল অন্তৰ পাইছিলো নৰোত্তমৰ নিচিনা এজন প্ৰিয় আৰু বিশ্বাসী শিষ্য দেখিছিলো তেনে হাজাৰ হাজাৰ