সমললৈ যাওক

পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
জগন্নাথ বৰুৱা কলেজ আলোচনী

পেলাব খুজিছিল। কিন্তু নীলমণি ফুকন ডাঙৰীয়াই কবৰ দৰে এই সকলোখিনি ঘূৰাই আনি “অসমীয়া সংস্কৃতিয়ে আকৌ মহাবাহু ব্ৰাহ্মপুত্ৰৰ দৰে সমগ্ৰ অসমবাসীক ঢৌৱাই নিব পাৰে। ব্ৰহ্মপুত্ৰৰ সোতঁৰ যিদৰে বিৰাম নাই এই সংস্কৃতিৰ সোঁতো সেইদৰেই বৈ থাকিব।”

 অৱশ্যে আজি ভাঙি যোৱা মহাজাতি কেৱল ভাষা-সাহিত্যত নিৰ্ভৰ কৰিয়েই পুনৰ গঠন হোৱাটো সম্ভৱ হৈ দেখা দিছে। সেয়েহে আমি এওঁলোকৰ নিজ নিজ জাতিৰ বৈশিষ্টবিলাকো এবাৰ আলোচনা কৰি চাব লাগিব। নহলে সম্প্ৰীতিক অবদান কেৱল ভাষাৰ ওপৰতেই নিৰ্ভৰ কৰাটো বাতুলতা হব।

 নৱপ্ৰস্তৰ যুগৰ পৰাই অসমত বিভিন্ন জাতীয় মানুহ আহি বাস কৰিছিলহি। নৃ-তত্ত্ববিদ সকলৰ মতে অসমৰ নিচিনাকৈ কোনো দেশতে মানৱগোষ্ঠীৰ ইমানবোৰ বেলেগ বেলেগ জাতিৰ চিনচাব পোৱা নেযায়। অসম প্ৰকৃতিৰ এক আশ্চৰ্য্য যাদুঘৰ সেয়েহে এইটো সম্ভৱ হব পাৰিছিল।

 মিকিৰ, কুকি, লুচাই আদি অসমৰ প্ৰথম বংশধৰ বিলাকে অসমৰ পৰ্ব্বতে-পাহাৰে, গুহাই- কন্দৰে, নৈয়ে-ভৈয়ামে, হাবিয়ে-বননিয়ে স্থান বিচাৰি ফুৰিছিল। অষ্ট্ৰিক জাতীয় মিকিৰসকল অসমৰ প্ৰথম আবিষ্কৰ্ত্তা আছিল।

 নগাসকলৰ প্ৰাণতেই প্ৰথমতে অসমীৰ সৌন্দৰ্য্যবোধৰ জিলিঙনি জিলিকি উঠিছিল। নগা- গাৰো সকলৰ প্ৰচেষ্টাতে অসমৰ কৰ্কশ মাটিত প্ৰথম “জুম” খেতি কৰা হৈছিল। অসমত দ্বিস্বৰক গানৰ সৃষ্টি হ’ল। অসমত তেতিয়া শ্ৰেণীভেদ নাছিল—আছিল শ্ৰেণীহীন, জাতিহীন নগা-কুকি আদি গোষ্ঠী সমাজ। এই দৰেই কালক্ৰমত আদিম অধিবাসী নগা-মিকিৰ-লুচাই আদিৰ নিজ বৈশিষ্ট ভৈয়ামৰ লগত বিলীন হৈ দুই জাতিৰ সংমিশ্ৰণত এটা নতুন কৃষ্টিৰ জন্ম হয়। মুঠকথা অসমীয়া জাতিৰ সভ্যতা এই জনজাতিসকলৰ প্ৰভাৱযুক্ত। আৰ্য্যমুখী সভ্যতা-সংস্কৃতিতো এওঁলোকৰ কৌটিকলীয়া সংস্কৃতিত ছাঁ পৰা দেখা যায়।

 অষ্ট্ৰিক জাতিৰ বিৰাট আৰু উল্লেখযোগ্য অৱদান “বিহু-উৎসৱ”। অষ্ট্ৰিক সকলৰ এই অৱদান তেওঁলোকৰ জাতীয় বৈশিষ্টৰ অপৰূপ চানেকি। অষ্ট্ৰিক সকলৰ বহুকালৰ পাছত অসমলৈ দক্ষিণ ব্ৰহ্মাৰ তালৈঙ আৰু কম্বোজৰ মনখেমৰ জাতিৰ সংযোগত এক জাতি অসমলৈ আহি- ছিল। এওঁলোকেই বৰ্ত্তমান খাছীয়াসকলৰ বংশধৰ। “এওঁলোকৰ নতুন সভ্যতাৰ জিলিঙনিয়ে অসমীৰ মুখ দুগুণে শোভা বৰ্দ্ধন কৰিছিল। এওঁলোকৰ অৱদান অপুৰণীয়। এই খাছীয়াসকলৰ “আইনাম”, গাৰোসকলৰ “ৰংচুগালী” আৰু ভৈয়ামৰ অসমবাসীৰ “ন” খোৱা উৎসৱৰ সাদৃশ্য সচাকৈ চাবলগীয়া।

 ৰাজনৈতিক ক্ষেত্ৰত খাছীসকলৰ লগত অসমীয়াৰ সম্বন্ধ অটুট আছিল। মোগলসম্ৰাট মিৰজুমলাই অসম আক্ৰমণ কৰি যোৱাৰ পাছত খাছীয়া জয়ন্তীয়া ৰজাই অসমৰ ৰজালৈ দুখ প্ৰকাশ কৰি যিষাৰ মন্তব্য প্ৰকাশ কৰিছিল—সেইষাৰ কথাই খাছীয়া আৰু অসমীয়াৰ সম্প্ৰীতিক চিৰ- দিনেই জাউতি যুগীয়া কৰি ৰাখিব। অসমীয়া আৰু খাছী ভাই-ভনীসকলৰ মাজত চিৰদিন প্ৰতি-