পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বহিৰ্জগতৰ সৈতে সম্পৰ্ক ৰখাৰ প্ৰধান উপায়। সৰু ল'ৰা-ছোৱালী, ঘাইকৈ ছোৱালীৰ পূজাৰ বতৰত অন্যতম আকৰ্ষণ আছিল নতুন চোলা, জোতা, চুলিত মৰা ক্লিপ, ফিটা, কাঁচৰ খাৰু, মণিৰ মালা ইত্যাদি। আমি পিছে বিশ্বযুদ্ধই চৰমসীমা পোৱাৰ আগলৈকে বৰ উচ্চমানৰ কাপোৰ-চোলা পিন্ধিছিলো। পূজাৰ কেইমাহমান আগতে বাহিৰৰ পৰা, ঘাইকৈ ঢাকা, কলকাতাৰ পৰা ফ্ৰেীৱালাসকল শাৰী, কাপোৰৰ বোজা লৈ আমাৰ ফালে আহিছিল। আনিছিল চীনা, জাপানী, বিলাতী চিল্কৰ কাপোৰ। মা-মাহীহঁত আছিল চিলাইত পাৰদৰ্শিনী। বিলাতৰ পৰা অহা কেটেলগ চাই চাই ফ্ৰকবোৰ চিলাইছিল। এওঁলোকে কেচি ব্যৱহাৰ কৰিছিল কিন্তু তেওঁলোকৰ মাকে অৰ্থাৎ আবুৱে বঠিৰে কাটি বেজী-সূতাৰে চোলা চিলাইছিল। কেচি বোধকৰো নাছিল গ্ৰামাঞ্চলত।

 চাৰ্কাচ আৰু যাত্ৰা বা কুশানগান চাবলৈ প্ৰায়ে গৈছিলো। আৰু গৈছিলো হৰেক ৰকমৰ বস্তুৰে উপচি পৰা মেলা চাবলৈ। আমাৰ দেউতাৰ বীজাণুলৈ ইমান ভয় আছিল যে বজাৰৰ মিঠাই খাই পোৱা নাছিলো। ঘৰত কেইবাজনী খীৰতী গাই আছিল৷ ডাঙৰ ডাঙৰ কেৰাহিত মায়ে প্ৰতিদিনে ৰসগোল্লা নাইবা লালমোহন নাইবা সন্দেশ বনাইছিল। নাৰিকলৰ লাৰু-পিঠাৰ লগতে কেক-বিস্কুটো ঘৰতে কৰিছিল তেওঁ। ঘৰত যিমানে নেখাও নিষিদ্ধ বস্তুৰ প্ৰতি আকৰ্ষণ বেছি। মেলাত মাখি ভেনভেনাই থকা মিঠাইবোৰ দেখি জিভাৰ পানী ৰোধ কৰা বৰ কষ্টকৰ আছিল। তাতে কিনি খোৱাও অসম্ভৱ। সৰু ঠাই, আমাক সকলোৱে চিনি পায়। দেউতাক লগায় বুলি ভয়। চেনিৰ ঘন ৰসত গুলপীয়া ৰং মিহলাই কৰা বিছনি আৰু পাচিৰ আকাৰৰ সৰু সৰু এবিধ শুকান মিঠাই পোৱা গৈছিল। এবাৰ তেনে এটা পাচি মিঠাই কিনি ফ্ৰকৰ তলত ভৰাই মাৰিছিলো ঘৰলৈ বুলি লৰ। পিছে বস্তুটো খাওঁ কেনেকৈ, ৰাখো ক’ত। ঠাই বিচাৰি বিচাৰি কোনো গুপুত ঠাই নেপাই আলমাৰিৰ পিছফালে মজিয়াতে থৈছিলো একামোৰ মাৰি। মুখত ভৰাই গা-ধোৱা ঘৰত শব্দ নোহোৱাকৈ খাইছিলো। আকৌ খাবলৈ মন গ'লে ইফালে সিফালে চাই আলমাৰিৰ পিছফালে সোমাই খাইছিলো পৰম তৃপ্তিৰে। আমাৰ বাইদেউৰ স্বভাৱ আছিল মোৰ বিপৰীত। তাই মা-দেউতাৰ কথা আখৰে আখৰে মানি চলিছিল। মোৰ কেঁচুৱা অৱস্থাত এবাৰ দেউতা বিজনী এষ্টেটৰ ৰাজধানী অভয়াপুৰীত আছিল অলপ দিনৰ বাবে। তাত অকণিহঁতৰ স্কুলত বাইদেউক ভৰ্তি কৰোৱা হৈছিল। স্কুলখন পৰিচালনা কৰিছিল তেতিয়াৰ মেনেজাৰৰ শিক্ষিতা, প্ৰগতিশীল পত্নীগৰাকীয়ে। এদিন স্কুলত পতা কিবা অনুষ্ঠানৰ পিছত অকণিহঁতক মিঠাই খুওৱা হৈছিল। সকলো ছোৱালীয়ে খাবলৈ ধৰিলে মহা আনন্দত আৰু বাইদেৱে কান্দিবলৈ ধৰিলে মহা দুখত। শিক্ষয়িত্ৰীসকল দৌৰি আহিল। কি হ’ল, তাই নকয় কোনোপধ্যেই। উপায়বিহীন হৈ চকিদাৰৰ কোলাত তাইক উঠাই দি দুগৰাকী শিক্ষয়িত্ৰী আমাৰ ঘৰলৈ আহিল। মাৰ কোলাত উঠি তাইৰ কান্দোন বন্ধ হ’ল যদিও কন্দাৰ কাৰণ নক’লে। শিক্ষয়িত্ৰীসকল উভতি যোৱাৰ পিছত ক'লে যে দোকানৰ মিঠাই খুৱাই তাইক হেনো মাৰিব খুজিছিল স্কুলৰ বাইদেউহঁতে!

 মেলাবোৰৰ বতৰতে এবাৰ মই এটা কি যে কাণ্ড ঘটাইছিলো। দিনটোত লগৰ বান্ধৱীহঁতৰ লগত মেলালৈ কেইবাবাৰো অহা-যোৱা কৰাটো আমাৰ এটা কাম আছিল। এদিন বাইদেৱে

৮২/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি