পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পিতা, ভাই-ভনীৰে ডাঙাৰ সংসাৰ। খাবাৰ নাই, পিন্ধবাৰ নাই। ইয়াকে কৰি ঘৰখান চলাই আছু। আবুৱে তাক পাঁচ সেৰমান চাউল দি এইমুৱা নহ’বলৈ সকীয়াই দিছিল। কথাষাৰ চোৰসকলৰ মাজত সম্ভৱতঃ জনাজাত হৈছিল, কাৰণ আবুহঁতৰ ফালে ইয়াৰ পিছত কোনো চোৰে পদাৰ্পণ কৰা নাই।

 আবুৰ আন এটা দুঃসাহসিক অভিযানৰ কথা মনত পৰিছে। তেতিয়া আতা প্ৰয়াত। ছোৱালীকেইজনীৰ বিয়া হৈ গৈছে। পুতেক দুজন ঘৰত নাই। মুঠতে আবু আছিল অকলে। প্ৰতিদিনে পুৱা উঠি তেওঁ হাঁহৰ গড়ালত দেখে হয় এটা হাঁহ নাই, নহ’লে কণী নাই। শিয়াল বা হাপাই খায় বুলি ভাবি এদিন তেওঁ ৰাতিটো সাৰে থাকি খিৰিকীৰ কাষত বহি থাকিল। শেষ নিশা তেওঁ আচৰিত হৈ দেখিলে শিয়াল নহয়, হাপা নহয়, কোনো চোৰো নহয়, গড়ালৰ ফালে আগুৱাই গৈ আছে মস্ত এডাল ফেটীসাপ!

 মৰসাহ বুলি ক’লে ভুল হ’ব, দুঃসাহস আবুৰ। সেই এন্ধাৰ নিশা লেমৰ পোহৰত হাতত যাঠি এডাল লৈ আবুৱে খুপি খুপি সাপটোলৈ আগুৱাই গৈছে —দৃশ্যটো কল্পনাৰ চকুৰে চালেও গা শিয়ৰি উঠে। দেহৰ সকলো শক্তি উজাৰ কৰি বাঘৰ তেল খাইতীয়ে সাপটোৰ পেটতে হান মাৰি ধৰিলে যাঠিৰ তীক্ষ্ণ ফলকেৰে। খোচটো ইমান জোৰে মাৰিছিল যে ফলকৰ আগটো সাপৰ পেট ভেদ কৰি মাটিত লাগি ধৰিছিল। আবুৰ কেৱল সাহেই নহয়, তেওঁৰ লক্ষ্যও আছিল নিৰ্ভুল। চলমান সাপক কাণি-মুনি পোহৰত এইদৰে হানি মাটিত স্থানু কৰি ৰখাটো সহজ কাম নহয়। পিছে লৰচৰ কৰিব নোৱাৰিলেও সাপটোৱে তাৰ মুক্ত নেজডালেৰে যাঠিৰ নালডাল মেৰিয়াই ভাঙিবলৈ আপ্ৰাণ চেষ্টা কৰি থাকিল। আহত সাপৰ গাত হাতীৰ বল। বাঁহৰ নালডালৰ যেতিয়া ভাঙো ভাঙো অৱস্থা তেতিয়া সাহসিনীৰ বুকুৰ তেজ হিম হৈ আহিবলৈ ধৰিলে। এবাৰ মুক্ত হ’ব পাৰিলে আবুৰ আৰু ৰক্ষা নাছিল। সেই অৱস্থাত তেওঁ চিঞৰি চিঞৰি মাতিবলৈ ধৰিলে ওচৰ-চুবুৰীয়াক। তিৰোতা মানুহৰ কণ্ঠত আৰ্তনাদ শুনি তেওঁলোকে বিছনাৰ পৰা জাপ মাৰি মাৰি ওলাই আহিল। আবুৰ চোতালত এই ভয়ংকৰ দৃশ্য দেখি দৰ্শকসকলৰ মুখৰ মাত হৰিল। সম্বিৎ ফিৰাই পাই মানুহবোৰে লাঠি, যাঠি, জোং যিয়ে যি পাইছে আনি উধাই-মুধাই কোবাই-খুচি সাপটোক মাৰি পেলালে। সিদিনা পিছে ৰাইজে আবুক প্ৰশংসা নকৰি গালিহে পাৰিছিল। তেঁৱো সিদিনাৰে পৰা আগপিছ ভাবিহে যিকোনো কামত আগবাঢ়িছিল।

 সাবিত্ৰী-বিবিত্ৰীৰ ল’ৰা-ছোৱালীবোৰ কিন্তু তেওঁলোকৰ দৰে সাহসী নহ'ল। বোধকৰো দেউতাকহঁতৰ স্বভাৱ পালে। আমাৰ দুয়োগৰাকী আতা আছিল শান্তশিষ্ট দাৰ্শনিক স্বভাৱৰ। মাৰ পিতাক আছিল কবি তথা শিক্ষক। তেওঁৰ মহায়েক অৰ্থাৎ বিবিত্ৰীৰ স্বামী প্ৰথম জীৱনত পুলিচ বিভাগত দাৰোগাৰ চাকৰিত সোমাইছিল। পিছে এমাহ চাকৰি কৰি তেওঁ মৰ্মে মৰ্মে উপলব্ধি কৰিলে এইটো বিভাগৰ বাবে তেওঁ উপযুক্ত নহয়। গতিকে দাৰোগাৰ কামত ইস্তফা দি বাকী জীৱন শিক্ষকতা কৰি কটাইছিল। আমি মাজে-সময়ে কোৱাকুই কৰো যে আবুৱে পুলিচ বিভাগত নিযুক্তি পোৱা হ’লে চোৰ-ডকাইতহঁতে ত্ৰাহি মধুসুদন দেখিলেহেঁতেন।

৪৮/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি