পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাণ্ডিত্য আছিল অসাধাৰণ। এওঁলোকৰ মাজত প্ৰত্নতত্ববিদ অধ্যাপক এছ ডি চাংকালিয়া আৰু নৃতত্ববিদ অধ্যাপক ইৰাৱতী কাৰ্ভেৰ সান্নিধ্যলৈ আহি ধন্য হৈছিলো। ইৰাৱতী কাৰ্ভে এগৰাকী লেখিকাও। তেওঁৰ কথালৈ পাছত আহিম। তাৰ আগতে মোৰ যঁজাসকলক লৈ কৰা গৱেষণাৰ বিষয়ে দুআষাৰ লিখো।

 উল্লেখ কৰা হৈছে যে মানুহৰ অধিকাংশ বৈশিষ্ট্যৰ আঁৰত পৰিবেশ আৰু বংশগতি দুয়োটাৰে অৱদান আছে। ইয়াৰ বিপৰীতে তেজৰ বিভিন্ন গ্ৰুপৰ উত্তৰাধিকাৰ সম্পূৰ্ণ বংশগতি বা জিন নিৰ্ভৰ। পিতৃ-মাতৃৰ তেজ অ’ গ্ৰুপৰ হ’লে তেওঁলোকৰ সন্তান অ’ গ্ৰুপৰ হ’বই। পৰিবেশে ইয়াৰ হীন-ডেঢ়ি কৰিব নোৱাৰে। সেয়েহে পিতৃত্ব পৰীক্ষা কৰিবলৈ তেজ পৰীক্ষা কৰোৱা হয়। যিয়েই নহওক মই মানুহৰ দেহৰ চৈধ্যটা শাৰীৰিক আৰু ব্যৱহাৰিক (behavioural) বৈশিষ্ট্যৰ আঁৰত আনুবংশিক উপাদান অৰ্থাৎ জিন আৰু পৰিবেশ কাৰ কিমান অৱদান আছে চাবলৈ চেষ্টা কৰিছিলো। এনেবোৰ গৱেষণা কৰা তুলনামূলকভাৱে সহজ, যেতিয়া গৱেষণা কৰিবলৈ প্ৰয়োজনীয় প্ৰাণীবোৰৰ লেবৰেটৰীত নিয়ন্ত্ৰিত প্ৰজননৰ (controlled breeding) জৰিয়তে পো-পোৱালি জন্মাই সিহঁতৰ ওপৰত পৰিবেশ আৰু জন্মসূত্ৰে পোৱা উপাদানসমূহৰ হিচাপ-নিকাচ উলিয়াব পৰা যায়। গিনিপিগ, এন্দুৰ, বান্দৰৰ ক্ষেত্ৰত নিয়ন্ত্ৰিত প্ৰজনন সম্ভৱ। মানুহৰ ক্ষেত্ৰত ই অসম্ভৱ। সৃষ্টিকৰ্তাই যঁজাসকলক সৃষ্টি কৰি এনেবোৰ গৱেষণাৰ পথ প্ৰশস্ত কৰিছে। লেবৰেটৰীত একে গুণসম্পন্ন এন্দুৰ, গিনিপিগ আদি সৃষ্টি কৰাৰ দৰে সৃষ্টিকৰ্তাৰ বিজ্ঞানাগাৰত তেৰাই একেগুণ সম্পন্ন MZ যঁজাৰ আৱিৰ্ভাব ঘটাইছে। আনহাতে DZ যঁজাবোৰ মাতৃৰ গৰ্ভত একে পৰিবেশত বৰ্ধিত হ’লেও সিহঁতৰ আনুবংশিক উপাদান একে নহয়। এই দুয়োবিধ যঁজাৰ তুলনামূলক অধ্যয়ন কৰি গৱেষকে ঈস্পিত লক্ষ্যত উপনীত হ’ব পাৰে।

 পৃথিৱীত মানুহৰ আৱিৰ্ভাৱ হোৱাৰ পাছৰে পৰা প্ৰকৃতিৰ খেয়ালত ওপজা যুঁজাসকলে মানুহৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। এসময়ত এওঁলোকৰ স্থান আছিল সাহিত্যত ভ্ৰান্ত চিনাক্তকৰণ বিভ্ৰাট হিচাপে। শ্বেইক্সপীয়েৰ নিজে আছিল এহাল যঁজাৰ পিতৃ। এই হালেই তেওঁক The Twelfth Night আৰু Comedy of Errors নামৰ দুখন নাটক লিখিবলৈ অনুপ্ৰেৰণা যোগাইছিল। ছাৰ ফ্ৰেন্সিছ গেলটন নামৰ বিজ্ঞানী এজনে প্ৰথমবাৰৰ বাবে যঁজাসকলক গৱেষণাৰ আহিলা হিচাপে ব্যৱহাৰ কৰাৰ কথা চিন্তা কৰে। The History of Twins as a criterion of the relative powers of Nature and Nurture (1875) আৰু Inquiries into Human Faculty and its Development (1885) নামৰ ৰচনা দুখনক বংশগতি সম্পৰ্কিত আধুনিক গৱেষণাৰ আৰম্ভণি বুলি ক’ব পাৰি।

 যঁজাসকলক লৈ কাম কৰা অতি কষ্টদায়ক হ’লেও সমানে আনন্দদায়কো। পুনেত সিহঁতৰ লগত লাগি থকা সময়ত মোক বহুতে চিনি পোৱা হৈছিল। কেতিয়াবা বাটেৰে খোজকাঢ়ি যাওঁতে অচিনাকি মানুহে গাড়ী ৰখাই লিফ্‌ফ্ট দিছিল। মই তেওঁলোকক চিনি নাপালেও তেওঁলোকে মোক জানিছিল কোনোবা যঁজাৰ ককায়েক, মাহীয়েক বা খুৰাক হোৱা বাবে। শ্বেইক্সপীয়েৰৰ Comedy of Errors নাটকৰ দৰে মোৰ যঁজাসকলক লৈও

১৯৪/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি