পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সম্ভৱত ভাৰত চৰকাৰৰ মনোৱল তুংগলৈ তুলিছিল। মাউণ্টবেটেনে কোৱা বুলি চৌধুৰীয়ে এনেদৰে লিখিছে— ‘ভাৰতৰ এটা ‘মেগনিফিচিয়েণ্ট’ সেনাবাহিনী, এটা ‘কেপেল’ বিমানবাহিনী আৰু এটা ‘গুড’ নৌবাহিনী আছে।...’ ৰণক্ষেত্ৰখন আছিল হিমালয়ৰ এক দুৰ্গম অঞ্চল। এনে এক পৰিবেশত অভিযান চলাবলৈ যুদ্ধ বিশাৰদ স্বয়ং মাউণ্টবেটেনেও হেনো বিৰক্তিবোধ কৰিলেহেঁতেন। পিছে চাহাবজন তেতিয়ালৈ চীনা সৈনিকৰ ‘কেপেবিলিটি’ৰ বিষয়ে অৱগত নাছিল। পাহাৰ-পৰ্বত, হাবি-বননিৰ মাজেদি তেওঁলোক হেনো কাকতী-ফৰিং অহাদি তাৱাং-কামেং অঞ্চলত বিয়পি পৰিছিল।

 নীৰদ চন্দ্ৰই যুদ্ধৰ বাবে প্ৰধানকৈ দায়ী কৰে তেতিয়াৰ প্ৰতিৰক্ষামন্ত্ৰী কৃষ্ণ মেননক। সমৰ বিভাগ আৰু সেনাপতিসকলকো তেওঁ তুলাধুনা কৰিছে। তেওঁ দৃঢ়ভাৱে কৈছে আয়োজনৰ অসম্পূৰ্ণতাৰ কথা জানিও জেনেৰেল থাপাৰ আৰু জেনেৰেল কউলে যুদ্ধলৈ আগবাঢ়ি কৰিছে অমাৰ্জনীয় অপৰাধ।

 ১৯৬২ চনৰ ১১ অক্টোবৰৰ নিশা নেহৰুৰ সভাপতিত্বত এখন সভা বহে। সমৰ সচিব কৃষ্ণ মেনন, সেনা আৰু বায়ু বিভাগৰ অধ্যক্ষ, বিভাগীয় সচিবসকল আৰু জেনেৰেল কউল উপস্থিত আছিল সেই গুৰুত্বপূৰ্ণ সভাখনত। ভাৰতীয় সৈন্যৰ অৱস্থান আৰু অন্যান্য বিষয়ত থকা অসুবিধাৰ বিশদ ব্যাখ্যা কৰি জেনেৰেল কউলে কৈছিল চীনক আক্ৰমণ কৰিলে পৰাজয় অৱশ্যম্ভাৱী। এই কথা শুনি নেহৰুৱে চীনক আক্ৰমণ কৰিবলৈ হাক দিলে। (The Untold Story, পৃঃ ৩৮৫)।

 পিছদিনা অৰ্থাৎ ১২ অক্টোবৰত নেহৰুৱে সদম্ভে ঘোষণা কৰিলে যে নেফাৰ পৰা (তেতিয়াৰ অৰুণাচলৰ নাম আছিল নেফা) চীনাসকলক বহিষ্কাৰ কৰিবলৈ হুকুম দিয়া হৈছে। ১৩ অক্টোবৰৰ ‘দ্যা ষ্টেটচমেন’ কাকতত প্ৰকাশ হ’ল নেফাত সামৰিক অভিযান আৰম্ভ হোৱাৰ পাছত এই প্ৰথম নেহৰুৱে সুস্পষ্ট ভাষাত চীনা আক্ৰমণকাৰীক সীমান্ত সংলগ্ন অঞ্চলৰ পৰা উলিয়াই দিবলৈ আদেশ দিলে। আগদিনা নেহৰুৰ সভাপতিত্বত যি আলোচনা হৈছিল তাৰ বিপৰীত বিবৃতি পঢ়ি তেজপুৰত জেনেৰেল কউল স্তম্ভিত। তেওঁৰ ধাৰণা নেহৰুৱে বোধকৰো ভাবিছিল ভাৰতে ভাবুকি দিলে চীনে ভয় খাব নাইবা ভাৰতীয় জনসাধাৰণ আহ্লাদিত হ’ব। এনে এটা ঘোষণা দিয়াৰ পৰামৰ্শ নেহৰুক ‘কোনোবা’ই দিয়া বুলি কউলৰ বিশ্বাস। ‘কোনোবা’জন কৃষ্ণ মেনন যেন লাগে। কউলৰ মতে নেহৰুৰ এই উক্তিত উত্তেজিত হৈ চীনে আক্ৰমণ কৰাটো অসম্ভৱ নহয়।

 নতুনকৈ গঠিত চতুৰ্থ ক’ৰৰ সেনাপতি হিচাপে নিযুক্তি পাই জেনেৰেল কউলে দেখিলে তেওঁৰ অধীনত আছে ছহেজাৰ সেনা। এটা সম্পূৰ্ণ ক’ৰত হেনো থাকিব লাগে চল্লিশ হেজাৰ। পদাতিকৰ বাহিৰে থাকিব লাগে উপযুক্ত সংখ্যক কামান আৰু গোলন্দাজ। তেওঁৰ লগত ফিল্ড আৰ্টিলাৰীও নাছিল, আছিল ষাঠি মাইল পশ্চাতত। কামানো নাছিল। অৱস্থা শোচনীয় হোৱাৰ পাছত চাৰিটা লঘু হাউইটজাৰ কামান পেৰাচুটেৰে নমোৱা হয়, তাৰে দুটা ভাগি যায়। সাধাৰণভাৱে ঘাটি এটা পহৰা দিবলৈ যি প্ৰয়োজন, যুদ্ধক্ষেত্ৰত তাতকৈ বেছি একো নাছিল। মুঠতে ঢাল নাই, তৰোৱাল নাই, নিধিৰাম চৰ্দাৰৰ অৱস্থা ভাৰতীয় সেনাবাহিনীৰ। 

১৮৮/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি