পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হয়। বয়সত মই তেওঁলোক দুয়োজনীতকৈ ডাঙৰ হ’লেও আমাৰ মাজত গঢ়ি উঠিছিল বন্ধুত্ব। ললিতাৰ লগত যোগাযোগ আজিও অক্ষুণ্ণ হৈ আছে যদিও লিলিয়ানা কালক্ৰমে হেৰাই গৈছিল। আজি প্ৰায় পঁয়ত্ৰিশ বছৰমান পাছত জয়ে তেওঁক বিচাৰি উলিয়ালে ইণ্টাৰনেটৰ মাধ্যমেৰে। লিলিয়ানাই ভাৰতক আৰু ভাৰতীয়ক বৰ ভাল পাইছিল, কাৰণ তেওঁলোকৰ দেশৰ মানুহৰ দৰে ভাৰতীয়সকল হেনো যন্ত্ৰবৎ নহয়। যুগোশ্লাভিয়াত ভাৰতীয় দূতাবাসৰ এগৰাকী কূটনীতিবিদক লিলিয়ানাই বিয়া কৰাইছে। মানুহজন চৰ্দাৰজী। মাজে মাজে দিল্লীত শহুৰেকৰ ঘৰলৈ আহে।

 আন এগৰাকী বিদেশী গৱেষক জানিয়েৰ ক্লাউডি আহিছিল ইটালীৰ পৰা পত্নীসহ। আহিছিল জাপানৰ পৰা টাকাহাছি ইৰামূৰা আৰু অনেকে। শ্ৰীলংকাৰ অশোক ভোপেগামাগেই মাৰাঠী ছোৱালী বিয়া কৰাই ইয়াতে থাকি গ’ল। দেশ-বিদেশৰ পৰা অহা পণ্ডিত গৱেষকসকলে আমাৰ চুবুৰিটোৰ শৈক্ষিক তথা সাংস্কৃতিক পৰিবেশৰ মান উন্নত কৰিছিল। তদুপৰি পুনেৰ আমি থকা অঞ্চলটোতে বাস মহাৰাষ্ট্ৰৰ কেইবাগৰাকী আগশাৰীৰ বুদ্ধিজীৱী, সমাজ সংস্কাৰক, সাহিত্যিক, শিল্পী আদি সংস্কৃতিবান ব্যক্তিৰ। বিত্ত আয়োগৰ সদস্য অৰ্থনীতিবিদ অধ্যাপক অতুল শৰ্মাই তেতিয়া গোখলে ইনষ্টিটিউটত পি এইচ ডিৰ বাবে গৱেষণা কৰি আছিল। মণিপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক তম্বি সিঙেও একেটা প্ৰতিষ্ঠানত গৱেষণা কৰিছিল। শেষোক্ত দুয়োগৰাকীৰ লগত আমাৰ ঘৰুৱা সম্পৰ্ক এতিয়ালৈ অটুট হৈ আছে। দুয়োৰে গাইড আছিল অমলেন্দু গুহ।

 এনে এক সুসংস্কৃত বাতাবৰণত জয়ক ডাঙৰ কৰিব পৰাটো আমাৰ পৰম সৌভাগ্য। গৱেষণাই তাৰ মগজুত সেই শৈশৱতে এনেকৈ বাহ বান্ধিছিল যে পৰৱৰ্তী কালত আই আই টিৰ পৰা অভিযন্তা হৈ ওলাই আহি সি কোনো শিল্পানুষ্ঠানত নোসোমাই পোনে পোনে আমেৰিকালৈ গৈছিল গৱেষণা কৰিবলৈ। সেইবোৰ কথালৈ পাছত আহো। কেৱল জয়েই নহয়, আমাৰ কমপ্লেক্সটোৰ প্ৰতিটো শিশু পৰৱৰ্তী জীৱনত সংস্কৃতিবান ব্যক্তি হিচাপে নিজ নিজ কৰ্মক্ষেত্ৰত সুপ্ৰতিষ্ঠিত হৈছে।

 অৰ্থনীতিত এম এ পাছ কৰি ফেলশ্বিপ এটা পাই দৰিদ্ৰ পৰিয়ালৰ সন্তান অমিতাভ কুণ্ডু আহিছিল গোখলে ইনষ্টিটিউটলৈ। তেওঁৰ এখন হাত চাৰি-পাঁচ বছৰ বয়সতে হেৰুৱাইছে ৰে’লগাড়ীৰ তলত পৰি। কৃত্ৰিম হাত এখন আছিল যদিও সেইখনেৰে বিশেষ একো কৰিব পৰা নাছিল। পুনেলৈ অহা অসমীয়া আৰু বাঙালী ছাত্ৰসকল আমাৰ ঘৰলৈ প্ৰায়ে আহিছিল। অমিতাভো ব্যতিক্ৰম নাছিল। গৱেষণা কৰাটো তেওঁৰ ঘাই উদ্দেশ্য নাছিল। ঘৰৰ অৱস্থা ইমানে বেয়া যে চাকৰি এটা পালে গৱেষণা বাদ দিয়াৰ কথা। বহু কষ্ট কৰি দেউতাকে এম এ পাছ কৰাইছিল। অমিতাভলৈ মায়া উপজিছিল মোৰ। কিমান চহকী মানুহৰ ল’ৰাই সুবিধা পায়ো নপঢ়ে আৰু চোকা ছাত্ৰ অমিতাভৰ বাবে সপোন দেখাও আছিল নিষিদ্ধ। পিছে তেওঁৰ দুটা চখ আছিল, যি দুটাক তেওঁ গৰীবৰ হাতীৰোগ বুলি কয়, জীৱনত কেতিয়াও সেই চখ পূৰ্ণ নহ’ব বুলি তেওঁ নিশ্চিত। তাৰে এটা হ’ল বিদেশ ভ্ৰমণ আৰু আনটো গাড়ী এখনৰ গৰাকী হোৱা।

১৮৪/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি