পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উত্তেজনা? হিংসা আৰু দ্বন্দ্বক আশ্ৰয় কৰি কোনো জাতিয়ে প্ৰগতিৰ পথত আগবাঢ়িব নোৱাৰে। অহিংসাৰ পূজাৰীৰ মাতৃভূমিততো আৰু নোৱাৰে।’

 প্ৰকাশ্য জনসভাত ৰাজনীতিকসকলক সমালোচনা কৰি সীমান্ত গান্ধীয়ে দৃঢ়তাৰে সৈতে কৈছিল যে ভাৰতৰ দুৰ্ভাগ্যৰ কাৰণ এই নেতাসকল। ভাৰতৰ মাটিত পদাৰ্পণ কৰাৰ পাছৰে পৰা তেওঁ হেনো এনে এজন নেতাৰ সান্নিধ্যলৈ অহা নাই যিজন ক্ষমতা, ধন-সম্পত্তি আৰু আড়ম্বৰৰ বাবে লালায়িত নহয়। তেওঁ কৈছিল জনসাধাৰণৰ সৈতে এওঁলোকৰ সম্পৰ্ক এটাই। ভোটৰ সম্পৰ্ক, যি ভোটে তেওঁলোকক গাদীত বহিবলৈ সুবিধা দিয়ে। পাকিস্তানৰ নেতাসকলৰ প্ৰতিও তেওঁ একে ধাৰণা পোষণ কৰিছিল। তেওঁ আৰু কৈছিল যে এইসকল ব্যক্তিক উপদেশ দি লাভ নাই। অজ্ঞ ব্যক্তিক বুজোৱা সহজ, কিন্তু জনসাধাৰণৰ দুৰ্ভাগ্যৰ সকলো কাৰণ জানিও নুবুজাৰ ভাও ধৰা এই ক্ষমতালোভীসকলক উপদেশ দিয়া অৰ্থহীন।

 নিজকে এজন ফকিৰ বুলি কৈ গফুৰ খানে কৈছিল যে আহিবৰ আগেয়ে বাৰে বাৰে কোৱা সত্ত্বেও তেওঁৰ অভ্যৰ্থনাত প্ৰচুৰ খৰচ কৰা বাবে তেওঁ দুখ পাইছে। মহাত্মা গান্ধী আৰু সীমান্ত গান্ধী দুয়োৰে আছিল স্ত্ৰী শক্তিৰ ওপৰত অগাধ আস্থা। ছাত্ৰীসকলক তেওঁ কৈছিল, নাৰী জাতিটো লোভৰ পৰা মুক্ত, গতিকে পুৰুষতকৈ তেওঁলোকে অধিক সফলতাৰে দেশ সেৱাত ব্ৰতী হ’ব পাৰে। দুয়োগৰাকী নেতাই বহু বছৰ আগতে এই কথা কৈছিল। ভাগ্য ভাল, তেওঁলোক আজি প্ৰয়াত। জীয়াই থকা হ’লে দেখিলেহেঁতেন আজিৰ অধিকাংশ নেত্ৰীও লংকালৈ যোৱাৰ পাছত ৰাৱণ হয়।

 মহাত্মা গান্ধীৰ দৰ্শন লাভ কৰাৰ সৌভাগ্য মোৰ হোৱা নাছিল। আনহাতে সীমান্ত গান্ধীৰ সাক্ষাৎ লাভ মোৰ জীৱনৰ এক অবিস্মৰণীয় ঘটনা।

*  *  *  *  *  *

 দিল্লীত আমাৰ ঘৰত এদিন এটা মজাৰ ঘটনা ঘটিছিল। বিদেশত অধ্যাপনা কৰা ৰণজিৎ গুহ কিছুদিনৰ বাবে আহিছিল দিল্লীলৈ। মই আগফালৰ বাৰাণ্ডাত বহি সংস্কৃত ভাষাত সুপণ্ডিত মাৰ্থা নামৰ এগৰাকী বিদেশী বিদুষী মহিলাৰ লগত কথা পাতি আছিলো। তেওঁৰ বয়স তেতিয়া পঞ্চাশ পাৰ হৈ গৈছে। গেট খোলাৰ শব্দ পাই দৃষ্টি মোৰ সেইফালে গ’ল। দেখিলো ৰণজিৎ দা সোমাই আহিছে, পিছে পিছে গাভৰু বিদেশিনী এগৰাকী। প্ৰৌঢ় ৰণজিৎ দাই তেওঁৰ জীয়েকৰ বয়সীয়া ছাত্ৰী এজনীক বিয়া কৰোৱা বুলি শুনিছিলো, ধাৰণা হ’ল এৱেঁই সেইগৰাকী। তেওঁলোকক দেখি মই ঘামিবলৈ ধৰিলো, কাৰণ মোৰ সন্মুখত বহি থকা মাৰ্থা আছিল ৰণজিৎ দাৰ প্ৰথমা পত্নী। বিবাহ বিচ্ছেদ হোৱাৰ পাছত মাথা ভাগি পৰিছিল। দুখৰ ভাৰ পাতলাবলৈ তেওঁ আহিছিল ভাৰতলৈ। এসময়ত দিল্লীলৈ তেওঁ আহিছিল সংস্কৃত শাস্ত্ৰ অধ্যয়ন কৰিবলৈ। বন্ধু-বান্ধৱ আছিল কেইবাজনো। ভাবিছিল তেওঁলোকৰ সান্নিধ্যত কেইটামান দিন কটাব। যাৰ নিষ্ঠুৰতাৰ আঘাত সহিব নোৱাৰি তেওঁৰ পৰা দূৰলৈ আহিছিল মোৰ সন্মুখতে তেওঁৰ মুখামুখি হ'বলগা হ’ল। ৰণজিৎ দাই হঠাতে মাৰ্থাক দেখি থতমত খাই উল্টা-চিধা দুটামান কথা কৈ পাছত আহিম বুলি গুচি গ’ল। আনৰ ঘৰ ভঙা

ছোৱালীবোৰক মই কোনো দিনে ক্ষমা কৰিব নোৱাৰো। গতিকে ৰণজিৎ দাৰ দ্বিতীয় পত্নীক

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১৮১