পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৯৪৯ চনত চীনত কমিউনিষ্ট দলে গঠন কৰিলে এক শক্তিশালী চৰকাৰ। ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু চীনৰ চৌ-এন লাই। জনসংখ্যা আৰু আকাৰৰ ফালৰ পৰা দুয়োখনেই বৃহৎ। দুয়োখনৰে মাজত হিন্দী-চীনী ভাই ভাই সম্পৰ্ক। দুয়োৰে আকাংক্ষা আছিল, পশ্চিমী দুনিয়াৰ সৈতে ফেৰ মাৰিব পৰাকৈ এছিয়াৰ এই অঞ্চলটো এক মহৎ শক্তিত পৰিণত কৰাৰ। কিন্তু ভাই ভাইৰ মাজত আৰম্ভ হ’ল সংঘাত। এই সংঘাত হোৱা নাছিল কোনো আদৰ্শগত কাৰণত হৈছিল সীমা নিৰ্ধাৰণ কৰাক লৈ, এক তুচ্ছ কাৰণক কেন্দ্ৰ কৰি। মাত্ৰ কেইমাইলমান মাটিৰ বাবে দুয়োখন দেশে কাজিয়াত লিপ্ত হ’ল। দুয়োৰে দৃষ্টিভংগী ‘বিনা যুদ্ধে নিদিও সূচ্যাগ্ৰ মেদিনী’।

 কুৰি শতিকাত নানা কাৰণে দুয়োখন দেশৰ মাজত সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত কিছুমান খেলি-মেলি থাকি যায়। ১৯১১ চনত চীন বিপ্লৱৰ পাছত দেশখনত সাধাৰণতন্ত্ৰ স্থাপিত হৈছিল। তেতিয়া পিছে তিব্বতে স্বাধীনতা ঘোষণা কৰিছিল। এই স্বাধীনতা একমাত্ৰ মংগোলিয়াৰ বাহিৰে স্বীকাৰ কৰা নাছিল কোনেও। তথাপিতো দালাই লামাক শীৰ্ষ স্থানত অধিষ্ঠিত কৰি লামাতন্ত্ৰৰ দ্বাৰা তিব্বত শাসিত হৈ থাকিল। ১৯৪৯ চনত চীনত কমিউনিষ্ট চৰকাৰ গঠন নোহোৱালৈকে এই ব্যৱস্থাত হস্তক্ষেপ কৰা নাছিল কোনেও। তাৰ পাছতে তিব্বত চীনৰ অংশ বুলি চীন চৰকাৰে অঞ্চলটোক তেওঁলোকৰ ভাষাত ‘মুক্ত’ কৰে। ফলত তিব্বতৰ সংলগ্ন ভাৰতৰ লগত সীমা নিৰ্ধাৰণৰ প্ৰশ্নটো উত্থাপিত হয়। আনহাতে ভাৰতৰ ক্ষমতা হস্তান্তৰৰ আগেয়ে ব্ৰিটিছ চৰকাৰে সীমামূৰীয়া অঞ্চলসমূহৰ যিবোৰ ঠাই ভাৰতৰ অন্তৰ্ভুক্ত বুলি ধৰি লৈছিল স্বাধীন ভাৰত চৰকাৰেও তাকে মানি লৈছিল। চীনৰ মতে সাম্ৰাজ্যবাদী ব্ৰিটিছে নিজ ইচ্ছামতে এইবোৰ অঞ্চল ভাৰতভুক্ত কৰিছিল।

 ভাৰত-চীনৰ মাজৰ ২,৩০০ মাইল দীঘলীয়া সীমাক তিনিটা খণ্ডত ভাগ কৰা হয়— পূব, মধ্য আৰু পশ্চিম। পূব খণ্ডত ভাৰতে মেকমোহন লাইনক সীমা বুলি মানি লৈছে। চীন, এনেকি তিব্বতৰ দালাই লামা চৰকাৰেও কিন্তু এই লাইনক কেতিয়াও মানি লোৱা নাছিল। ১৯১৪ চনত তিব্বত আৰু ব্ৰিটিছে কৰা তথাকথিত চিমলা চুক্তিমতে মেকমোহন চাহাবৰ উদ্যোগত এই লাইনটো নিৰ্ধাৰিত হৈছিল। বিতৰ্কিত মেকমোহন লাইন প্ৰসংগ ইমানে জটিল যে পুংখানুপুংখভাৱে এই আলোচনা কৰাৰ অৱকাশ ইয়াত নাই।

 ১৯৫৯ চনত চীনে দালাই লামাৰ ‘শোষণ-শাসন’ৰ পৰা তিব্বতক ‘মুক্ত’ কৰাৰ সময়ত পাত্ৰ-মিত্ৰ-লামা আৰু অগণন তিব্বতীয় মানুহক লগত লৈ ধৰ্মীয় আৰু জাগতিক জীৱনৰ গুৰু চতুৰ্দশ লামাই ৰাজধানী লাছাৰ প’টালা ৰাজকাৰেঙৰ আড়ম্বৰপূৰ্ণ জীৱন ত্যাগ কৰি তাৱাং-কামেঙৰ দুৰ্গম পথেৰে ভাৰতত প্ৰৱেশ কৰে। তেতিয়াৰে পৰা ভাৰতে দালাই লামা সহিতে তেওঁৰ লগত অহা সকলো তিব্বতীয়ক ৰাজনৈতিক আশ্ৰয় প্ৰদান কৰে। এ ঘটনায়ো চীনক ক্ষুণ্ণ কৰা যেন লাগে। অতি পৰিতাপৰ কথা যে সামান্য কেইমাইলমান মাটিৰ বাবে দুখন মহান দেশ যুদ্ধত লিপ্ত হ’বলগীয়া হ’ল।

 ১৯৬২ চনত চীন-ভাৰত সীমান্তত দেখা দিয়া মৃদু উত্তেজনাই আমি নৱেম্বৰৰ প্ৰথমৰ ফালে অসম পোৱাৰ লগে লগে প্ৰৱলৰূপ ধাৰণ কৰিলে। চাৰিওফালে জনাজাত হ’ল যে

১৬৮/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি