পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেওঁৰ লগত মোৰ সুসম্পৰ্ক স্থাপিত হয়। সেই সম্পৰ্ক আজিও অটুট হৈ আছে। হোষ্টেলৰ এটা অংশত কেইগৰাকীমান প্ৰবক্তা, অধ্যাপিকাও থাকিছিল। তেওঁলোকৰ মাজত এগৰাকী আছিল কলকাতাৰ গীতা বেনাৰ্জি, মিৰাণ্ডা হাউছৰ বাংলা বিভাগৰ প্ৰবক্তা। তেওঁৰ লগতো মোৰ বন্ধুত্ব গঢ়ি উঠিছিল। কলেজখনৰ ছোৱালীবোৰৰ ৰেহ-ৰূপ দেখি মোৰ দৰে তেৱোঁ বিচুৰ্তি খাইছিল। হোষ্টেলৰ ৱাৰ্ডেনগৰাকী আছিল কোলাবাসী মিচ্ কুৰিয়ান। খোৱা-বোৱা বিভাগৰ দায়িত্ব বৰ্তিছিল মিচেছ মাফী নামৰ এগৰাকী ফৰাচী মহিলাৰ ওপৰত। তেওঁৰ দৰে থুলন্তৰ মানুহ মই আজিলৈ দ্বিতীয় এজনক নেদেখিলো। বগা তুলতুলীয়া দেহটোক টানি টানি ইফাল-সিফাল কৰা দেখিলে চলমান পাহাৰ এখন যেনেই লাগিছিল।

 শৰৎ সিংহৰ নেতৃত্বত অমৃতসৰ কংগ্ৰেছ অধিৱেশনলৈ গৈ উভতি অহাৰ সময়ত আগ্ৰালৈ গৈছিলো। হেপাঁহ পলুৱাই তাজমহল চাই আহোঁতে ভবা নাছিলো আকৌ কেতিয়াবা ইয়ালৈ আহিম। মিৰাণ্ডা হাউছত থাকোতে দুদিনমানৰ বন্ধ পালেই আগ্ৰালৈ আহিছিলো। সেই সময়ত কলকাতাৰ পৰা মোৰ দেওৰ হেমেন্দু দেৰাদুনলৈ আহিছিল ট্ৰেইনিং এটা ল’বলৈ এবছৰৰ বাবে। তেওঁৰ নৱবিবাহিতা চিত্ৰশিল্পী পত্নী কৰৱী আছিল আগ্ৰাত। হেমেন্দুৱেও মোৰ দৰে বন্ধ পালে আগ্ৰালৈ আহিছিল। একে সময়তে ইম্ফলৰ পৰা মোৰ আন এজন বৰজনা বিমলেন্দু গুহও সপৰিয়ালে আহি আগ্ৰাৰ বৰজনাৰ ঘৰত আছিল। আগ্ৰাৰ কেনটনমেণ্ট এলেকাত থকা বৰজনাৰ বিৰাট বাংলোটোত কেইটামান দিন আমি মহা আনন্দৰ মাজেৰে অতিবাহিত কৰিছিলো। আবেলি হেমেন্দু, কৰৱী আৰু মই খোজকাঢ়ি গৈছিলো তাজমহল চৌহদলৈ। সেই এটা বছৰত অসংখ্যবাৰ গৈছিলো তালৈ। এদিন উভতি আহোতে বাংলো এটাৰ গেটত ‘কেপ্টেইন ডি বৰদলৈ’ লিখা নাম ফলকখন দেখি সোমাই গৈছিলো। বাংলোৰ গৰাকী আছিল গোপীনাথ বৰদলৈৰ পুত্ৰ ডাঃ ধীৰেন বৰদলৈ। আমি অৱশ্যে নজনাকৈয়ে সোমাইছিলো অসমীয়া মানুহৰ ঘৰ বুলি। পৰিয়ালটো তেতিয়া অসমলৈ যোৱা বাবে লগ নাপালো যদিও ঘৰত থকা মানুহে আমাৰ চাহ খুৱাইহে এৰিলে।

 মনত পৰিছে মিৰাণ্ডা হোষ্টেলত ঘটা ঘটনা এটালৈ। তাত থকা উচ্চবিত্ত পৰিয়ালৰ ছোৱালীবোৰৰ আচাৰ-আচৰণো আছিল সুকীয়া। তেনে এজনী ছোৱালীয়ে সমপৰ্যায়ৰ বান্ধৱীসকলৰ সৈতে নিজৰ জন্মদিন উদযাপন কৰিছিল মাজনিশা নিজৰ কোঠাত। এটা সময়ত ছোৱালীজনীয়ে ঘোষণা কৰিলে সকলোকে অলপ সময় উশাহ বন্ধ কৰি থাকিবলৈ, তাই ‘বাৰ্থ-ডে চাৰপ্ৰাইজ’ দেখুৱাব। এক নিস্তব্ধ পৰিবেশত দেৱাল আলমাৰিটো খুলি দিয়াত তাৰ পৰা ওলাই আহিল এজন তজবজীয়া সুদৰ্শন তৰুণ! বান্ধৱীবোৰ যিমানেই হাই-ফাই নহওক, মাজনিশা ল’ৰাজনক দেখি সিহঁত হতবাক হ’ল। ক’ৰ পৰা কেতিয়া আহি আলমাৰিত সোমাল কোনেও ভাবি উলিয়াব নোৱাৰিলে। ছোৱালীকেইজনীৰ মাজত এজনী আছিল

হোষ্টেল পৰিচালনা কমিটীৰ চেক্ৰেটাৰী। ঘটনাটোৱে তাইৰ বিবেকত খুন্দা মাৰিলে। তৎক্ষণাতে তাৰ পৰা ওলাই আহি কমিটীৰ কেইজনীমান সদস্যৰে আলোচনা কৰি ঘটনাটো ৱাৰ্ডেনক জনালে। দাৰোৱান কেইজনমানক লগত লৈ উল্লিখিত কোঠাটোৰ দুৱাৰত ৱাৰ্ডেনে বহু সময় ধৰি টুকুৰিওৱাৰ পাছতহে সাৰ পোৱা ভাও জুৰি চকুকেইটা মোহাৰি মোহাৰি ছোৱালীজনীয়ে

১৬২/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি