ভাগি পৰিছিল। নিজকে প্ৰশ্ন কৰিছিল— তেওঁ সধবা, নে বিধবা নে কুমাৰী। সধবা নহয় কাৰণ তেওঁৰ স্বামী নাই, বিধবা নহয় কাৰণ যাক বিয়া কৰাইছিল তেওঁ জীৱিত, কুমাৰীও নহয় কাৰণ তেওঁ সন্তানৰ মাতৃ। যি বুজিলো প্ৰত্যেকৰ প্ৰতিক্ৰিয়া বেলেগ বেলেগ।
দিল্লী বিশ্ববিদ্যালয়ত
আকাশবাণী ভৱনত দুমাহৰ অভিজ্ঞতা বুটলি আৰু বহু অভিজ্ঞতা আহৰণ কৰিবলৈ দিল্লী বিশ্ববিদ্যালয় চৌহদত সোমালো। মোৰ সহপাঠীসকলতকৈ আঠ বছৰৰ ছিনিয়ৰ হোৱা হেতুকে তেওঁলোকে মোক দিদি বুলি মাতিছিল। গৃহস্থই কৈয়ে থৈছিল ভাল নালাগিলে এৰি আহিবলৈ, পিছে মোৰ দেখোন ভালেই লগা হ’ল। অফ্ পিৰিয়ডত সহপাঠীসকলৰ লগত বিশ্ববিদ্যালয় আৰু তাৰ সংলগ্ন কলেজবোৰত ভুমুকি মাৰিবলৈ ওলাইছিলো, কেতিয়াবা কেম্পাছতে থকা কফি হাউছত সোমাইছিলো। এদিন আমি কফি খাই থাকোতে সোমাইছিল কেইগৰাকীমান গৰ্জিয়াছলি সাজোন কাচোন কৰা আধুনিকা। ভাবিছিলো কোনোবা চিত্ৰতাৰকা। আমাৰ জামানাৰ চুৰাইয়া, নাৰ্গিছ, বৈজয়ন্তীমালা, নিম্মি আদি বুলি ভাবি মহিলাবাহিনীটোৰ মাজত তেওঁলোকক বিচৰিবলৈ ধৰা দেখি মোৰ ভগ্নীসম সহপাঠীকেইজনীয়ে হাঁহিবলৈ ধৰিলে। সিহঁত দিল্লীৰ ছোৱালী, মই মহানগৰীৰ আও-ভাও নজনা আঁকৰী। তেওঁলোক হেনো মিৰাণ্ডা হাউছ কলেজৰ প্ৰবক্তা। এনেকৈ সাজি-কাচি অহা প্ৰবক্তা মই তেতিয়ালৈ অসমত দেখা নাই। তাৰ পিছত তেওঁলোকে যেতিয়া চিগাৰেট হুপিবলৈ ধৰিলে তেতিয়া মই বাকৰুদ্ধ হৈ বহি থাকিলো। এক প্ৰৱল জোকাৰণি অনুভৱ কৰিলো মোৰ সৰ্বশৰীৰত। প্ৰায় পঞ্চাশ বছৰ আগতে মহিলাই চিগাৰেট হোপাৰ কথা কল্পনাৰো বাহিৰত আছিল। এতিয়া ভাবিছো পুৰুষে যদি খায় মহিলাই খোৱাত দোষ কিহৰ? সেইবিধ বস্তু পুৰুষ-মহিলা দুয়োৰে স্বাস্থ্যৰ বাবে অপকাৰী। যি কি নহওক, কেইসপ্তাহমান কটোৱাৰ পাছত দেখিলো অনেক ছোৱালীৰে সেই অভ্যাসটো আছে। নৃতত্ব বিভাগতে আমাৰ ছিনিয়ৰ কলকাতাৰ বঙালী ছোৱালী এজনীয়ে হোষ্টেলত মনৰ সুখত চিগাৰেটত হোপা মৰা দেখিছিলো। ধোঁৱাখিনি কেতিয়াবা নাকেৰে উলিয়ায়, কেতিয়াবা ভাৰটেক্স ৰিং তৈয়াৰ কৰে। তাই সাজপাৰত অতি সাধাৰণ, ব্যৱহাৰ পাতিতো। মই এদিন সুধিছিলো কিয় এই ৰাগীয়াল বস্তুটো খায়। তাই কয় মই হেনো তাইৰ মাকে কোৱা কথাকে ক’লো। সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ মাকে জীয়েকে চিগাৰেট খোৱাটো কেতিয়াও নিবিচাৰে। তাইৰ যুক্তি, দেউতাকে যদি খাব পাৰে তাই নোৱাৰিব কিয়? লিংগ বৈষম্যত বিশ্বাসী নহয় ছোৱালীজনী।
এইখিনিতে কেইবা বছৰ পাছৰ ঘটনা এটা উল্লেখ কৰো। আমি দিল্লী এৰাৰ সাত-আঠ বছৰ পাছত আকৌ এবছৰৰ বাবে তালৈ গৈছিলো গৃহস্থই Delhi School of Economicsত অতিথি অধ্যাপক হিচাপে আমন্ত্ৰণ পোৱাত। বিশ্ববিদ্যালয় চৌহদতে অধ্যাপকৰ কোৱাৰ্টাৰ এটাত আছিলো। প্ৰায়ে ছাত্ৰ-ছাত্ৰীসকল আহিছিল এওঁৰ লগত নানা বিষয়ে আলোচনা কৰিবলৈ। তেওঁলোক বুদ্ধিমানেই নহয়, পৃথিৱীৰ বিভিন্ন বিষয়ত তেওঁলোকৰ জ্ঞানৰ পৰিধি