পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ক’ব খোজা কথা লিখি প্ৰকাশ কৰিছিল। নিজৰ পুত্ৰ সন্তান নথকা বাবে ভিনিহিয়ে সেই স্থান পূৰ্ণ কৰিছিল। দেউতাই মোলৈ আঙুলিয়াই কিবা ক’ব খোজোতেই ভিনিহিয়ে উপলব্ধি কৰিব পাৰিছিল তেওঁ কি ক’ব খোজে। দেউতাৰ ওচৰলৈ আহি তেওঁ কৈছিল— ‘আপুনি অলপো চিন্তা নকৰিব, আজিৰে পৰা এইখন ঘৰৰ দায়িত্ব মই ল’লো। মই নিমখ-ভাত খাবলগীয়া হ’লে এওঁলোককো তাকে খুৱাম।’ দেউতাৰ চকুৱেদি নিগৰি আহিছিল পৰম নিশ্চিন্ত হোৱাৰ দুটোপাল আনন্দাশ্ৰু।

 কেন্সাৰ যে কি সাংঘাতিক ব্যাধি তেতিয়াই গম পাইছিলো। আজি ইমান বছৰ পিছতো চিকিৎসাৰ বিশেষ উন্নতি হোৱা নাই। দেউতাৰ সময়ত কেম’থেৰাপি পদ্ধতিটো নাছিল, এতিয়া আছে যদিও আৰোগ্য লাভ কৰে কেইজনে? শেষবাৰ কলকাতালৈ যাওঁতে তেওঁ জানিব পাৰিছিল কেন্সাৰ ৰোগত আক্ৰান্ত হোৱা বুলি। বেমাৰক আজীৱন ভয় কৰা মানুহজনে আতংকিত হৈ ডাক্তৰক সুধিছিল ই সংক্ৰামক ব্যাধি নেকি? যদি হয় তেনেহ’লে তেওঁৰ ঘৰখনেই ধ্বংস হ’ব। তদুপৰি জীয়েককেইজনীক কোনেও বিয়া নকৰাব। আগতেই লিখিছো ডেকা ডাক্তৰজনে দেউতাক বৰ শ্ৰদ্ধা কৰিছিল। ভালো পাইছিল। তেওঁ দেউতাৰ কাষত বাগৰি তেওঁক সাবটি ধৰি কৈছিল কেন্সাৰ সংক্ৰামক ৰোগ নহয়।

 প্ৰায় অনাহাৰে থাকি অসীম কষ্ট ভোগ কৰাৰ পাছত ১৯৫৪ চনৰ ৩ নৱেম্বৰৰ দিনা দেউতাই মুক্তি লাভ কৰে। শেষ মুহূৰ্তলৈকে তেওঁৰ মগজু যে সজাগ আছিল তাৰ উমান পাইছিলো কঁপা কঁপা হাতেৰে ফলিত যেতিয়া তেওঁ লিখিছিল তিনিটা শব্দ। প্ৰথমটো আছিল ‘চাবি’। তেওঁ বুজি পাইছিল অন্তিম ক্ষণ উপস্থিত। এনে এটা সময়ত বাহিৰা কিছু মানুহো সোমাই আহে, চোৰ-অপৰাধীও আহিব পাৰে, এতেকে আলমাৰীৰ চাবিৰ বিষয়ে সতৰ্ক কৰি দিলে। মই চাবিৰ থোকটো আনি তেওঁক দেখুৱাই লগত ৰাখিলো। আন দুটা শব্দ ‘শশী কাকা’, ‘নিশি কাকা’ (খুৰায়েক)। দহ বছৰ বয়সত পিতৃহাৰা হোৱা দেউতাহঁতৰ পৰিয়ালটোক এই দুগৰাকী খুৰায়েকে নানা আহুকালৰ পৰা ৰক্ষা কৰিছিল। হয়তো দেউতাই ক’ব খুজিছিল তেওঁলোকক যেন আমি কেতিয়াও উপেক্ষা বা অশ্ৰদ্ধা নকৰো।

 দেউতা গুচি যোৱাৰ লগে লগে আমাৰ জীৱনৰ এটা উজ্জ্বল অধ্যায়ৰ সামৰণি পৰে।


কঠিন জীৱনৰ মুখামুখি

দেউতাক হেৰুৱাই মহা সমুদ্ৰত পৰিছিলো ঠিকেই, কিন্তু আমি অতললৈ যাবলগীয়া হোৱা নাছিলো। একেটা চৌহদতে আছিল পৰিয়ালসহ ডাঙৰ আৰু সৰু খুৰা। ওচৰতে আছিল দেউতাৰ দুগৰাকী অতি শ্ৰদ্ধাৰ কাজিন— বাণেশ্বৰ জেঠা আৰু ভবানী জেঠা। আছিল অনেক আত্মীয়-স্বজন, বন্ধু-বান্ধৱ। ধুবুৰীৰ তেতিয়াৰ ডেপুটি কমিশ্যনাৰ লক্ষেশ্বৰ শৰ্মাৰ সৈতে বহুদিন আগৰে পৰা দেউতাৰ ঘনিষ্ঠ সম্পৰ্ক আছিল। তেওঁৰ পৰাও পাইছিলো দিহা-পৰামৰ্শ।

 নিৰাভৰণ দেহত শুভ্ৰ সাজ পিন্ধি মজিয়াতে চকুলো টুকি বহি থকা আমাৰ চৌৰাল্লিশ

১৩০/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি