পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কোল্ড ক্ৰীমৰ ডাঙৰ বটল এটা নেদেখি ক’লো সৰুটো নালাগে। মানুহজনে ভিতৰত আছে বুলি আনিবলৈ যাওঁতে আমি পলাই ফাট মাৰিলো। আজিৰ শিশু এটায়ো শুনি আচৰিত হ’ব গুৱাহাটীত তেতিয়া আইচক্ৰীম পোৱা নগৈছিল। আইচক্ৰীম বিচাৰি পাণবজাৰ চলাথ কৰাৰ সময়তে এদিন শ্বেখ ব্ৰাদাৰ্ছত সোমাই আইচক্ৰীম বিচৰাত দোকানীয়ে থকা বুলি কৈ ভিতৰৰ পৰা কাগজৰ টোপোলা এটা আনি দিলে। টোপোলাত আইচক্ৰীম, অলপ আচৰিতেই হ’লো। কলকাতাৰ আইচক্ৰীমলৈ মনত পৰিল। ভাবিলো কলকাতা মহানগৰী, তাতে তেতিয়া আছিল ব্ৰিটিছৰ অধীন। তাৰ তুলনাত গুৱাহাটী এখন গাঁও। কাৰ লগত কাৰ তুলনা! ইয়াত আইচক্ৰীম বাতৰি কাকতেৰে নিশ্চয় মেৰিয়াই দিয়ে। হাতত লৈ টিপি চাই কিবা বেলেগ বস্তু যেন লাগিল। বস্তুটোৰ দাম আছিল এসিকি অৰ্থাৎ পঁচিশ পইচা। দাম দি কমনৰুমলৈ উভতি আহিলো। পাঁচ বাজি গৈছিল, কোঠাত আন কোনো নাই আমি পাঁচজনীৰ বাহিৰে। টোপোলাটোৰ মাজত সৰু পাওৰুটি এটা দেখি হাঁহিম নে কান্দিম বুজি নাপাই হাঁহি হাঁহিয়ে কান্দিলো। ভোক লাগিছিল।সেইটোকেই চিঙি পাঁচোজনীয়ে খাই কলেজৰ পৰা ওলাই আহিলো হতাশ হৈ। আজিও শ্বেখ ব্ৰাদাৰ্ছলৈ গ’লে ভাবো দোকানীজনে কিয় আমাৰ লগত নিষ্ঠুৰ ধেমালিখন কৰিছিল।

 কোল্ড ক্ৰীমৰ ঘটনাটোৰ পাছত আমি জামাতুল্লালৈ যোৱা বাদেই দিছিলো, পিছে ইটো-সিটো বস্তুৰ বাবে কলেজৰ নিকটতম দোকানখনলৈ যাবলৈ বাধ্য হৈছিলো। এদিন কিবা এটা কিনি থাকোতে চতুৰ্থ বাৰ্ষিক শ্ৰেণীৰ চাৰিগৰাকী বাইদেউ সোমাল। তেওঁলোকৰ ভিতৰত আছিল শান্তি চলিহা বাইদেউ। ফিগাৰে-চিগাৰে অতি ধুনীয়া বাইদেউজনীয়ে এসময়ত কলকাতাতো পঢ়িছিল। তেওঁৰ সমসাময়িক কলকাতাৰ দুগৰাকীমান মানুহে এতিয়াও বাইদেউৰ ৰূপৰ কথা সোঁৱৰে। দোকানত সোমাই চাৰিজনী বাইদেৱে ‘কোল্ড ড্ৰিংক’ৰ অৰ্ডাৰ দিয়াত আমি উচপ খাই উঠিলো। বহুমূলীয়া হেৰোৱা বস্তু এটা বিচাৰি পোৱাৰ আনন্দই আমাক উতলা কৰিলে। কোল্ড ক্ৰীমো নহয় আইচক্ৰীমো নহয় কোল্ড ড্ৰিংক বস্তুটো নো কি নেদেখা ভাও জুৰি চাই থাকিলো। যি কোল্ড কিবাটোৰ বাবে আমি গৱেষণা কৰিবলগীয়া হৈছিলো, দোকানে দোকানে ঘূৰি-ফুৰি বস্তুটো বিচাৰি নেপাই পাওৰুটি এটাকে আইচক্ৰীম বুলি লৈ ভোকতে খাবলগীয়া হৈছিলো, সেই কোল্ড ড্ৰিংক চকুৰ আগত দেখি নিজকে অঁকৰা মইনা নাম্বাৰ ওৱান যেন লাগিল। আমি ঘৰত খোৱা লেমোনেড বা চৰবৎ আৰু কোল্ড ড্ৰিংকৰ পাৰ্থক্য হিচাপে কোল্ড ড্ৰিংকত বৰফ দেখা পালো। তেতিয়াৰ দিনত ঘৰে ঘৰে ফ্ৰীজ নথকা বাবে বৰফ আছিল দুষ্প্ৰাপ্য। জামাতুল্লাৰ লেমোনেডেই সেয়েহে ছফিছটিকেটেড নাম পালে কোল্ড ড্ৰিংক। আজিকালি লেমোনেড নামৰ পানীয়বিধ বোধকৰো নোহোৱা হ’ল।

 কোল্ড ড্ৰিংকৰ আকৰ্ষণে প্ৰতিদিনে আমাক অফ পিৰিয়ডত জামাতুল্লালৈ টানি নিছিল। আমিয়ে বোধকৰো আছিলো তেওঁলোকৰ নিয়মীয়া কাষ্টমাৰ। সেইবিধ পানীয় সকলোৱে থিয়ৈ থিয়ৈ খায় যদিও মূল্যৱান ক্ৰেতাৰ মৰ্যাদা লাভ কৰা আমি কেইজনীয়ে মেনেজাৰৰ টেবুলত বহি পিবলৈ সুযোগ পাইছিলো। আমাৰ এটা বিশেষত্ব আছিল কোল্ড ড্ৰিংক খোৱাৰ

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১১৫