পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিৰ্বাচিত হৈছিল নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় দিয়া মহেন্দ্ৰ বৰা। পৰৱৰ্তীকালত এৱেঁই হৈছিল প্ৰথিতযশা কবি-সাহিত্যিক, অধ্যাপক আৰু অসম সাহিত্য সভাৰ সভাপতি। তেওঁৰ সাহিত্য প্ৰতিভা বিকশিত হৈছিল স্কুল জীৱনতে। নিৰ্বাচনৰ আগে আগে এটা বৰ মজাৰ কাহিনী শুনিছিলো। ইংৰাজী ক’ব পৰা বাবেও হেনো মহেন্দ্ৰক ইউনিয়নৰ সাধাৰণ সম্পাদক হোৱাটো বিচাৰিছিল সকলোৱে। অসমীয়া মানুহে ইংৰাজী ক’ব নাজানে বুলি বদনাম এটা আছে। অসমৰ পৰা নিৰ্বাচিত এগৰাকী সাংসদক হেনো জৱাহৰলাল নেহৰুৱে সুধিছিল—‘How do you do?’ তেওঁ টপৰাই উত্তৰ দিছিল— ‘I am doing nothing.’ নেহৰুৱে কৈছিল— ‘Then do something.’ কথাষাৰ কোনোবা ৰসিকৰ মস্তিষ্কপ্ৰসূত যেন লাগে। অৱশ্যে লোকসভাত অসমৰ সাংসদসকল বোবা হৈ বহি থকাৰ বদনাম এতিয়াও আছে। ব্যতিক্ৰম আছিল হেম বৰুৱা।

 আমাৰ কাৰ্যকালত কলেজ সপ্তাহলৈ আমন্ত্ৰণ কৰি আনিছিলো হেম বৰুৱাদেৱক। তেওঁৰ পাণ্ডিত্য আৰু বাগ্মীতাই প্ৰথম দৰ্শনতে আমাক মুগ্ধ কৰিছিল। একেদৰে অম্বিকাগিৰি ৰায়চৌধুৰী, জ্ঞানদাভিৰাম বৰুৱা, ৰঘুনাথ চৌধাৰী প্ৰমুখ্যে কেইবাগৰাকী খ্যাতনামা ব্যক্তিকো পাইছিলো ওচৰৰ পৰা। আবেলি হোষ্টেলৰ ছোৱালীবোৰে একেলগ হৈ দীঘলীপুখুৰীৰ বা ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে ফুৰিবলৈ যাওঁতে প্ৰায়ে অম্বিকাগিৰি ৰায়চৌধুৰীক লগ পাইছিলো। দলবান্ধি বিশৃংখলভাৱে খোজকঢ়াটো পছন্দ কৰা নাছিল তেওঁ। কম বয়সতে শৃংখলাবদ্ধ হ’ব লাগে বুলি কৈ নিজে থিয় হৈ থাকি দুজনীকৈ শাৰীপাতি মাৰ্চ কৰাৰ ভংগীত খোজ কাঢ়িবলৈ দিহা দিছিল। বাটৰ মানুহে হাঁহে বুলি আমি লাজতে ৰঙা পৰিছিলো। তেওঁ চকুৰ আঁতৰ হোৱাৰ পাছত আকৌ হৈছিলো ছেদেলি-ভেদেলি। মাজে মাজে বাটত ৰখাই বাটৰুৱাই শুনাকৈ অসমকেশৰীয়ে আমাক প্ৰশ্ন কৰিছিল— ‘তোমালোকে লাচিতৰ দৰে সন্তান জন্ম দিব পাৰিবা নে নাই কোৱা?’ উত্তৰ নোপোৱালৈ তেওঁ মুক্তি নিদিছিল। কম বয়সীয়া অবিবাহিতা ছোৱালীৰ বাবে এনে ধৰণৰ প্ৰশ্নৰ উত্তৰ দিয়া কঠিন হ’লেও মুক্তিৰ আশাত এজনীয়ে পাৰিব বুলি কোৱাতহে ৰক্ষা। ছোৱালীজনী বোধকৰো সন্দিকৈ কলেজৰ ছাত্ৰী আছিল। তেওঁক দেখিলেই পলাই ফুৰা আমাক এদিন তেওঁ পাকৰাও কৰিলে। আমাৰ বুকু কঁপি উঠিল। আজি বা আকৌ কাৰ মাক হ’ব লাগে? নাই, সিদিনা কাৰণটো আছিল অন্য। অলপ কুঁজা হৈ খোজকঢ়া ছোৱালী এজনীৰ পিঠিত থপৰিয়াই পোন হৈ খোজ কাঢ়িবলৈ কৈ কৈছিল তেওঁ— ‘তোমালোক মূলা গাভৰুৰ দেশৰ ছোৱালী, কুঁজা হৈ খোজ নাকাঢ়িবা। বীৰাংগনা হোৱা।’ সেই সময়ত তেওঁক এৰাই ফুৰিবলৈ চেষ্টা কৰিছিলো যদিও সেই মুহূৰ্তবোৰৰ স্মৃতি অন্তৰত আপুৰুগীয়া সম্পত্তিৰ দৰে সাঁচি থৈছো।

 এবাৰ এখন মুকলি সভাত অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কৈছিল— ‘মানুহে মোক বাঙালী বিদ্বেষী মনোভাবৰ মানুহ বুলি কয়, কিন্তু প্ৰথম যৌৱনত যিগৰাকী ছোৱালীৰ প্ৰেমত পৰি কবিতা লিখিছিলো তেওঁ আছিল বাঙালী। সেই জাতিটোৰ প্ৰতি বিশ্বাসঘাতকতা কৰিম এনে নিমখ হাৰাম মই নহওঁ।’ শ্ৰোতাসকলৰ মাজৰ পৰা এজনে প্ৰশ্ন কৰিছিল— ‘কোন সেইগৰাকী?’

 তাৎক্ষণিক উত্তৰ আছিল— ‘বিদ্যুৎলতা।’

১১০/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি