পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তিনিও আছিল ব’টানীৰ — ড° কমলা ৰয়, ড° পাৰুকুট্টি বৰুৱা আৰু বীণা দত্ত। বোধকৰো ড° কমলা ৰয়েই আছিল প্ৰথমগৰাকী মহিলা অধ্যাপিকা।

 ৰেগিঙৰ নাম আমি শুনা নাছিলো যদিও নতুনকৈ অহা দুই-এজনী ছোৱালীৰ সৈতে নিৰ্দোষ ধেমালি কৰিবলৈ এৰা নাছিলো। তাৰে এটালৈ মনত পৰিছে। আজিকালি কপালত পিন্ধিবলৈ নানাৰঙী ফোট কিনিবলৈ পোৱা যায়, আমাৰ সময়ত এইবোৰ নাছিল বাবে বৈচিত্ৰ্য আনিবলৈ আমি এটা উপায় উলিয়াইছিলো। নৱাগতা ছোৱালীজনীয়ে মেৰল ৰঙৰ ফোট ক’ত পালো বুলি সোধাত এটা ধেমেলিয়া বুদ্ধি মূৰত সোমাল। ক’লো সেন্দুৰৰ লগত টেট্ৰাভেলেণ্ট কাৰ্বন মিহলালে এই ৰংটো হয়। বস্তুটো ক’ত পোৱা যায় জানিব খোজাত কৈছিলো দোকানে –বজাৰে পাবলৈ নাই। কেমেষ্ট্ৰিৰ প্ৰফেচাৰৰ লগত খাতিৰ থাকিলে লেবৰেটৰিৰ বাবে অনা বস্তুটো পাব পাৰি। তাইকো আনি দিব লাগে বুলি কোৱাত ক’লো— ‘তুমি ঘেষ্টাং ছাৰৰ ওচৰলৈ যোৱা, আন ছাৰে এই বহুমূলীয়া সামগ্ৰীবিধ নিদিয়ে মনত ৰাখিবা।’ আমাৰ কথামতে তাই চুচুক-চামাক কৰি ছাৰক কথাষাৰ কোৱাত তেওঁ বুজিলে কোনোবা দুষ্টই ধেমালি কৰিছে। আমি কোৱা বুলি গম পাই মিচিকিয়াই হাঁহি হেনো কৈছিল— আমাৰ হাততে পঠিয়াই দিব বুলি।

 সেই সময়ত আমি বি এছ চি ক্লাছত মৌলিক আৰু যৌগিক পদাৰ্থবোৰৰ গঠন সম্পৰ্কে জ্ঞান আহৰণ কৰি আছিলো। কাৰ্বন অৰ্থাৎ এঙাৰ পৰমাণুৰ ভেলেন্সি— যাক আমি হাত বুলি কৈছিলো— চাৰি। অৰ্থাৎ কাৰ্বন পৰমাণু হ’ল টেট্ৰাভেলেণ্ট বা চাৰিহতীয়া। ৰান্ধনী ঘৰৰ চৌকাৰ পৰা উলিয়াই অনা এঙাৰ গুড়ি কৰি সেন্দূৰৰ লগত মিহলাই আমি মেৰুণ ৰঙৰ ফোট তৈয়াৰ কৰিছিলো। বেচেৰী ছোৱালীজনীৰ সৈতে আমাৰ নৱলব্ধ জ্ঞানেৰে অলপ স্ফূৰ্তি-তামাচা কৰিছিলো। নিয়তিয়ে বোধকৰো আঁৰত থাকি মোক কৈছিল— ‘স্ফূৰ্তি-তামাচা কৰি লোৱা বাছা, ইয়াৰ পিছত তুমি হাঁহিবলৈ পাহৰি যাবা।’

 টেট্ৰাভেলেণ্ট কাৰ্বনৰ প্ৰসংগই ডম্বৰু গগৈ ছাৰলৈ মনত পেলাই দিলে। ব্যক্তিগত জীৱনত কৃষ্ণকান্ত সন্দিকৈৰ বৰজোঁৱাই গগৈ ছাৰৰ অনু-পৰমাণুৰ গঠন ফটফটীয়াকৈ বুজাব পৰাৰ এক অসামান্য ক্ষমতা আছিল। তেওঁ আমাক লৈ গৈছিল অনু-পৰমাণুৰ ভিতৰলৈ যেন নিজ চকুৰে চাই আহিলো প্ৰতিটোৰে গঠন। আজিকালিতো উন্নত ব্যৱস্থাৰ জৰিয়তে অনুৰো অভ্যন্তৰখন চাব পৰা যায়। গগৈ ছাৰে তেওঁৰ যাদুকৰী বক্তৃতাৰ যোগেদিয়ে এই কামফেৰা কৰিছিল। ছটা চাৰিহতীয়া পৰমাণুৰে সৈতে ছটা একহতীয়া হাইড্ৰ’জেন পৰমাণুৱে হাতত ধৰাধৰিকৈ ষড়ভূমাকাৰত সৃষ্টি কৰা বেনজিন নামৰ যৌগটোৰ গঠন আজি ইমান বছৰে পাহৰা নাই যেন লাগিছে।

 ফিজিক্স ক্লাছতো মৌলিক পদাৰ্থৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ কণা পৰমাণুবোৰৰ গঠন, নিউট্ৰন-প্ৰোটনৰ অৱস্থান আদিৰ বিষয়ে জানিবলৈ পাই কম আচৰিত হোৱা নাছিলো। প্ৰতিটো মৌলিক পদাৰ্থত নিউট্ৰন-প্ৰোট্ৰন থাকে নিৰ্দিষ্ট সংখ্যাত। পৰমাণুৰ কেন্দ্ৰীয় অংশ (nucleus)ত থকা প্ৰোটনবোৰ ধনাত্মক বিদ্যুৎ শক্তি সম্পন্ন আৰু নিউট্ৰনবোৰ বিদ্যুৎ শক্তি শূণ্য। এই পৰমাণুৰ মাজতে লুকাই থাকে কল্পনা কৰিব নোৱাৰা শক্তি। পৰমাণু বোমাৰ

১০৮/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি