পৃষ্ঠা:জন্মাষ্টমী.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জন্মাষ্টমী
৪৭

মন, বাক্য, সকলো আনন্দময়। এই প্ৰেম আৰু আনন্দ ভাব অন্তৰত জগাবৰ কাৰণে আজি জন্মাষ্টমী ব্ৰত। মানৱ অন্তৰৰ এই আনন্দ-বীজ ক্ৰমে ক্ৰমে পাতে-পুষ্পে-ফলে জাতিষ্কাৰ হৈ সকলোকে আনন্দ ফল প্ৰদান কৰি বিশ্ব-জগতক আনন্দেৰে আলিঙ্গন কৰিবলৈ সমৰ্থ হবৰ কাৰণে আজি জন্মাষ্টমী সেই কাৰণেই পৰম ভক্তসকলে কৃষ্ণ-আনন্দৰ স্পন্দন পাবৰ অভিপ্ৰায়ে আজি জন্মাষ্টমীৰ দিনা আত্ম-চৈতন্য কৃষ্ণক ধ্যান, ধাৰণা, অৰ্চ্চনা, ভজনা আদি কৰি পৰম সন্তোষ লাভ কৰে৷ আজি তেওঁলোকে ধ্যান, ধাৰণা, আৰাধনা কৰি কব লাগিছে :-

ওঁ ধৰ্ম্মায় ধৰ্ম্মেশ্বৰায় ধৰ্ম্মপতয়ে
ধৰ্ম্ম-সম্ভবায় গোবিন্দায় নমোনমঃ॥
ওঁ যজ্ঞায় যজ্ঞেশ্বৰায় যজ্ঞপতয়ে
যজ্ঞ-সম্ভবায় গোবিন্দায় নমোনমঃ॥