পৃষ্ঠা:জন্মাষ্টমী.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জন্মাষ্টমী
৪৬

“সৰ্ব্বভূতস্থমাত্মানং সৰ্ব্বভূতানি চাত্মনি।
ঈক্ষতে যোগযুক্তাত্মা সৰ্ব্বত্র সমদর্শনঃ ॥”

অর্থাৎ পৰম ভক্তসকলে নিজৰ আত্মাৰ নিচিনা সকলোতে সমজ্ঞান কৰি পৰম তৃপ্তি পায় ।

 ৩৬। এনেকুৱা পৰম ভক্ত সকলোৰে নমস্য আৰু এনেকুৱা ভক্তই পৰমাত্মা ঈশ্বৰক নিজৰ অন্তৰত উপলব্ধি কৰি জীৱন চৰি- তার্থ কৰে । সেই কাৰণে’ “নামঘোষাত’ মাধৱদেৱে কৈছে :-

মুক্তিত নিস্পৃহ যিটো  সেহি ভকতক নমো
 ৰসময়ী মাগোহোঁ ভকতি ।
সমস্ত মস্তক মণি  নিজ ভকতৰ বশ্য
 ভজো হেন দেব যদুপতি ॥

 এই যদুপতি শ্ৰীকৃষ্ণ পূর্ণ আনন্দময়, পূর্ণ প্রেমময়। এওঁ প্ৰেম আৰু আনন্দ ভিন্ন একো নাজানে। প্ৰেম আৰু আনন্দই হৈছে এওঁৰ আদান-প্রদান। এওঁৰ শৰীৰ,