পৃষ্ঠা:জন্মাষ্টমী.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জন্মাষ্টমী
৩৭


কৰিব লাগিছে । যাৰ দ্বাৰা এই প্রবৃত্তি আৰু নিবৃত্তি পথ নিয়ন্ত্রিত হয় সেয়ে ধৰ্ম্ম। প্রবৃত্তি আৰু নিবৃত্তি পথৰ সামঞ্জস্য ৰাখি এই নিয়ন্ত্ৰিত শক্তিয়ে বিশ্বৰাজ্যক প্রকৃতিস্থ কৰি ধাৰণ কৰিছে। যেয়ে অখিল ব্রহ্মাণ্ড ধাৰণ কৰি আছে সেয়ে ধৰ্ম্ম । জীৱক ধাৰণ কৰা শক্তিয়ে জীৱৰ ধৰ্ম্ম ।  ২৭। নিৰ্ম্মল বিশুদ্ধ জীৱ মায়াৰ মোহিনী শক্তিত পৰি অভাৱ অনুভৱ কৰে । অভাৱ অনুভৱ হলেই সেই অভাৱ পূৰণৰ বাঞ্ছাও জন্মে। এই অভাৱ পূৰণ কৰিবলৈ জীৱই যি বিচাৰে সেয়ে অর্থ। অর্থাৎ জীৱৰ আকা- ঙ্ক্ষিত কামনা আৰু বাসন৷ যাৰ সহায়ত তৃপ্ত হয় সেয়ে অর্থ । এই অর্থ-ধৰ্ম্ম নিবন্ধন পথত থাকি উপাৰ্জ্জন কৰিব লাগে আৰু সদ বৃত্তিৰে উপাৰ্জ্জিত অৰ্থেৰে জীৱৰ অভাৱ মোচন কৰাই অৰ্থৰ প্ৰয়োজন ।