পৃষ্ঠা:জন্মাষ্টমী.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জন্মাষ্টমী
৩৮

 ২৮। মায়াত মুগ্ধ জীৱই যাক পালে তৃপ্তি অনুভৱ কৰে সেয়ে কাম । মনোবৃত্তি স্ফুৰণৰ কাৰণে জীৱই যি ভোগ-বিলাস অনুভৱ কৰে সেয়ে কাম বা কামনা। মনোবৃত্তিৰ তৃপ্তি সাধন কৰাই কামনাৰ মুখ্য উদ্দেশ্য। এই কামনা বা বাসনা-ভোগৰ কাৰণেই অৰ্থ। সেই কাৰণে ধৰ্ম্ম-নিবন্ধন মতে অর্থো- পাৰ্জ্জন কৰি মনোবৃত্তিৰ তৃপ্তি সাধন কৰাই প্ৰকৃত কামনাৰ কৰ্ম্ম। ধৰ্ম্ম-শাসিত অৰ্থৰ সহায়ত কামনাৰ ভোগ আৰু তৃপ্তি হলে জীৱৰ বাসনা ক্ষয় হয়। বাসনা ক্ষয় হলে জীৱ নিবৃত্তি পথত উপনীত হয়।

 ২৯। প্রবৃত্তি পথত ভোগ-বিলাস সম্ভোগ কৰি নিবৃত্তি পথত উপনীত হলে জীৱই মোহমায়া সকলো ত্যাগ কৰে। মায়াৰ মোহ- ময়, মায়াময়, মুগ্ধময় আৱৰণ তেতিয়া নোহোৱা হয়। মায়াৰ আৱৰণ নোহোৱা হলেই