পৃষ্ঠা:জন্মাষ্টমী.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জন্মাষ্টমী
৩৬

“মুনি ৰাজাত কহন্ত বিদ্যমানে ।
কৃষ্ণ লীলামালা আবে শুনা সাৱধানে ॥
শ্ৰৱণে কীৰ্ত্তনে আৰু বৈকুণ্ঠক যায়।
ধৰ্ম্ম অর্থ কাম মোক্ষ সবে আত পায় ॥”

 এই মহা জ্যোতির্ম্ময় শ্রীকৃষ্ণসেৱাৰ প্ৰভাৱত ধর্ম্ম, অর্থ, কাম, মোক্ষ এই চাৰি বৰ্গ উপলব্ধি কৰিবলৈ সমৰ্থ হোৱা যায় । সেই কাৰণেই কৃষ্ণচৈতন্য জাগৰণৰ বাবে এই কৃষ্ণ জন্মাষ্টমী।

 ২৬। কৃষ্ণ-চৈতন্য জাগৰণৰ লগে লগে চতুৰ্ব্বৰ্গৰ নিৰ্ণয় আহি পৰে ৷ ধৰ্ম্ম, অর্থ, কাম আৰু মোক্ষ এই চাৰিটাৰ সমষ্টিয়েই চতুৰ্ব্বর্গ । মানৱ জীৱনৰ সকলো কাৰ্য্য-কলাপ এই চতুৰ্ব্বৰ্গৰ ভিতৰত নিহিত আছে। ভোগ আৰু ত্যাগ অর্থাৎ প্রবৃত্তি আৰু নিবৃত্তি এই দুটি কৰ্ম্মৰ প্ৰবাহ মানৱ অন্তৰত চলাচল কৰিব লাগিছে । প্রবৃত্তিয়ে ভোগৰ ফালে আৰু নিবৃত্তিয়ে ত্যাগৰ ফালে জীৱক টানা টানি