এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জন্মাষ্টমী
২৯
আছে। এটি হৈছে অমুকুল আৰু আনটি হৈছে প্রতিকূল উপায়। অনুকূল ভাবেৰে নানা তোষামোদৰ গুণত ইপ্সিত বস্তু লাভ কৰা যায়। প্রতিকূল ভাৱটি হৈছে শত্ৰু ভাব। শত্রুক শাস্তি দিবৰ অভিপ্রায়ে মানুহে শত্ৰুজনৰ চাল-চলন, কাৰ্য্য-কলাপ, গতি- মতি, চলন-ফুৰণ, শয়ন-ভোজন আদি সকলো বিষয়ে পুঙ্খানুপুঙ্খৰূপে অনুসন্ধান কৰে। অনুসন্ধানৰ ফলত শত্ৰুৰ প্ৰতি আকৃষ্ট হৈ শত্ৰুভাৱাপন্ন হয়। বাঘ পৰুৱাৰ ভয়ত যেনেকৈ আন পোকেও তাৰ ৰূপ পৰিবৰ্ত্তন কৰে আৰু বাঘ পৰুৱাৰ নিচিনা হয়, তেনেকৈ কংসই নিজৰ ভিতৰত শত্ৰু কৃষ্ণৰূপ দেখি ছটফট কৰিব ধৰিলে।
“বাঘ পৰুৱাক পোকে চিন্তয় ভয়ত।
তাহাৰ স্বৰূপ পায় সেই শৰীৰত ॥——ৰত্নাৱলী
কংস ৰজাৰো এনে অৱস্থা হৈ শেষত কৃষ্ণ
৩