পৃষ্ঠা:জন্মাষ্টমী.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

{rh||জন্মাষ্টমী|৩০}}

নাম উচ্চাৰণ কৰি শান্তি লাভ কৰে।

 ২২। কৃষ্ণ চৈতন্যময়, জ্যোতিৰ্ম্ময়। এই জ্যোতিৰ্ম্ময় ভাব জন্মোতে জগত মেঘাচ্ছন্ন অন্ধকাৰ হোৱাৰ ৰহস্য কি? জ্যোতি অৰ্থাৎ চমক প্ৰকাশ কৰিব লাগিলে বিশেষ সংঘৰ্ষণৰ আৱশ্যক। বৈজ্ঞানিকসকলে নানান বস্তুৰ সংঘৰ্ষণতহে নানান দীপ্তিময় বস্তু আৱিষ্কাৰ কৰিব পাৰিছে। কলা মেঘে মেঘে ঘৰ্ষণ হলে হে বিজুলী চমক ওলায়। কাঠে কাঠে বা বাঁহে বাঁহে সংঘৰ্ষণ হলেহে অগ্নি স্ফুলিঙ্গ ওলায়। এইদৰে কংসৰ ৰাজ্য যেতিয়া ঘোৰ তামসিক গুণত আবৃত হল, আকাশ মেঘেৰে ঘনীভূত হল, প্ৰকৃত প্ৰেম, আনন্দ নোহোৱা হল, যেতিয়া শিশুৰূপী নিৰ্ম্মল আনন্দ কংসৰাজ্যত লোপ পাব ধৰিলে, তেতিয়া কংসৰাজ্যত ঘৰ্ষণ সংঘৰ্ষণ হব ধৰিলে,