পৃষ্ঠা:জন্মাষ্টমী.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জন্মাষ্টমী
১৯


 একস্তয়ো খাদতি পিপ্পলান্ন-
 মনো৷ নিৰন্নোঽপি বলেন ভূয়ান॥

 এই জীৱাত্মাৰূপী পখিটিয়েই কৃষ্ণৰ সাকাৰ ভাব আৰু পৰমাত্মাৰূপী পখিটি কৃষ্ণৰ অধ্যাত্ম ৰূপ। কৃষ্ণৰ অধ্যাত্ম ৰূপেই এই দেহবৃক্ষৰ উৎপত্তি, স্থিতি আৰু লয়ৰ কাৰণ।

 ১২। এই সাকাৰৰূপী কষ্ণ কৰ্ম্মঠ হৈ ক্ৰমে ক্ৰমে মানুহক নানান প্ৰলোভনৰ মাজেৰে প্ৰবৃত্তি মাৰ্গত সুখ দুখ নিদৰ্শন কৰাই নিবৃত্তি মাৰ্গেৰে সৎ চিৎ আনন্দ ভাব উপলব্ধি কৰাবলৈ প্ৰয়াস কৰিছে। কৃষ্ণৰ অধ্যাত্ম ৰূপ হৈছে সৰ্ব্বব্যাপী ব্ৰহ্মৰূপ। এই ৰূপ জ্ঞানৰ উৎকৰ্ষতাৰ ফলত সাধন মাৰ্গত বিশেষ অগ্ৰসৰ হব পাৰিলে উপলব্ধি কৰিবলৈ সমৰ্থ হোৱা যায়। সৰ্ব্বসাধাৰণৰ পক্ষে এই আনন্দ ভাব উপলব্ধি কৰিব পৰা সম্ভৱ নহবও পাৰে। সেই কাৰণে দৈহিকৰূপ ধাৰণ