পৃষ্ঠা:জন্মাষ্টমী.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জন্মাষ্টমী
১৮


দশ বায়ু পাত ঈশ্বৰ জীৱ দুই
 পখি থাকে তাত নিতি॥
হেনয় সংসাৰ বৃক্ষ তোমাতেসে ওপজয়
 মহা জ্ঞানীগণে আক জানে।
মায়ায়ে মোহিত মন যিটো অপণ্ডিতগণ
 তোমাক বিবিধ কৰি মানে॥

  ১১। এই দেহ বৃক্ষত দুটি সুন্দৰ পখি সদায় বাস কৰে। এটি পখি জীৱাত্ম৷ আৰু আনটি পমাত্মা। জীৱাত্মাৰূপী পখিটিয়ে গছৰ ফলৰ স্বৰূপ, ই কৰ্ম্মফল ভোগ কৰে৷ পৰমাত্মাৰূপী পখিটিয়ে অনশনে থাকি সকলে৷ দৰ্শন কৰে। জীৱাত্মাৰূপী পখি মায়াত মুগ্ধ হৈ পৰমাত্মাৰূপী পখিক নেদেখে কিন্তু পৰমাত্মাৰূপী পখিটিয়ে সকলোকে দেখে। সেই কাৰণে ভাগৱতত কৈছেঃ-

সুপৰ্ণাৱেতৌ সদৃশৌ সখায়ৌ
যদৃচ্ছয়ৈতৌ কৃতনীড়ৌ চ বৃক্ষে।