পৃষ্ঠা:জন্মাষ্টমী.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জন্মাষ্টমী
২০


কৰি মানৱোচিত কৰ্ম্মাদিত অনুষ্ঠিত হৈ সৰ্ব্ব- সাধাৰণক ধৰ্ম্মমুখী কৰা প্ৰয়োজন। কৃষ্ণৰ দৈহিকৰূপত দৈনন্দিন জীৱনৰ ঘটনাৱলী লীলাক্ৰমে প্ৰকাশ হোৱাৰ এয়ে কাৰণ৷

 ১৩। সৰ্ব্ব শক্তিমন্ত ভগৱন্তৰ পূৰ্ণ অৱ- তাৰ হৈয়ো শত্ৰু- নাশ কৰিবলৈ শ্ৰীকৃষ্ণই নানান উপায় অৱলম্বন কৰাৰ ৰহস্য কি? তাৰ ৰহস্য হৈছে সৰ্ব্বসাধাৰণক ধৰ্ম্মত অনুসৰণ কৰাৰ প্ৰয়াস। সেই কাৰণেই শ্ৰীকৃষ্ণই কেতি- য়াবা যুদ্ধ কৰিছে, কেতিয়াবা দণ্ডবিধান কৰিছে, কেতিয়াবা সন্ধি কৰিছে, কেতিয়াবা পলায়নো কৰিছে, কেতিয়াবা অলৌকিক ভাৱ-ভঙ্গী দেখুৱাইছে, কেতিয়াবা সকলোতকৈ বলী আৰু কেতিয়াব৷ নিৰ্ব্বলী ভাবে৷ দেখুৱাইছে। এই সকলে৷ কৃ ষ্ণৰ লীলা এই লীলাই হৈছে কৰ্ম্মৰ আদৰ্শ। সকলো কৰ্ম্মৰ ভিতৰত ধৰ্ম্ম কৰ্ম্মৰ আদৰ্শ অতি দুৰ্লভ। সকলো মনো-