পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ যোগাব পৰা
এজন অসমীয়া ছাত্ৰৰ কথা

 এষাৰ কথা আছে— উপদেশতকৈ আৰ্হি ভাল। কথাষাৰ নিশ্চয় সঁচা। কাৰণ একোটা আহিয়ে আমাক অনুপ্ৰাণিত কৰিব পাৰে। তাতে যদি আৰ্হিটো আমাৰ প্ৰচলিত সমাজ ব্যৱস্থাৰেই আৰু আমাৰ ভৌগোলিক অৱস্থানৰ পৰাই হয় তেতিয়া সোণত সুৱগা চৰে।

 উদাহৰণ স্বৰূপে ক'ব পাৰি যে ভাৰতীয় ক্ৰিকেট দলত আগতে ভাল ‘ফাষ্ট বলাৰ' নাছিল। বহুতে কৈছিল, ভাৰতীয় পৰিৱেশ, খাদ্যাভাসৰ মাজত তে বলাৰ ওলোৱাটো সম্ভৱ নহয়। কিন্তু যেতিয়া কপিলদেৱে আহি দেখুৱালে যে আমাৰ তেনে ধাৰণা ভুল আৰু গোটেই বিশ্বই যেতিয়া তেওঁক এজন উৎকৃষ্টমানৰ ফাষ্ট বলাৰ হিচাপে স্বীকৃতি দিলে তেতিয়াৰে পৰা ভাৰতত নতুন নতুন বিশ্বমানৰ ফাষ্ট বলাৰ'ৰ আবিৰ্ভাৱ হ’ল। অৰ্থাৎ এটা আৰ্হিয়ে আমাৰ এক ঋণাত্মক পৰম্পৰাৰ অৱসান ঘটালে।

 আমাৰ এই লিখনিৰ উদ্দেশ্যও সেয়ে তেনে এজন ছাত্ৰৰ বিষয়ে আমাৰ ছাত্ৰ-ছাত্ৰীক জনোৱা যি আমাৰ পৰিৱেশতে, আমাৰ বিদ্যালয়, বিশ্ববিদ্যালয়তে পঢ়ি গৈ বৰ্তমান নিজকে সুপ্ৰতিষ্ঠিত কৰিছে। আমাৰ আশা তেওঁৰ আৰ্হিয়ে বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিব আৰু জীৱনত নিজকে প্ৰতিষ্ঠিত কৰাত সহায় কৰিব।