পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
হিমাৰ পৰা অসমৰ নতুন প্ৰজন্মই ল'বলগীয়া শিক্ষা...

‘আশীৰ্বাদ’হে হ'ব পাৰে কাৰণ সেই ঠাইবোৰত মনঃসংযোগ বিচ্ছিন্ন কৰিব পৰা আজিকালিৰ বিভিন্ন আধুনিক সৰঞ্জাম তথা ব্যৱস্থাৰ পৰা তেওঁলোক এক নিৰাপদ দূৰত্বত অৱস্থিত যত সাধনাৰ বাবে এক অনুকূল পৰিৱেশ বিদ্যমান। প্ৰাচীন কালত ঋষি-মুনিসকলে সাধনাৰ বাবে তেনে ঠাইকেই বাছি লৈছিল। আমাৰ দৃষ্টিত ‘নাই-নাই’ৰ মাজত কি ‘আছে’ সেইটো বাছি উলিয়াই তাৰ সঠিক প্ৰয়োগ কৰিব পৰাটোও প্ৰকৃত শিক্ষাৰেই এক অংগ। আমাৰ আজিৰ এই লিখনিৰ নায়িকা হিমাই তাকেই অতি সুন্দৰকৈ কৰি আমাক দেখুৱাইছে।

 আমাৰ এক দৃঢ় বিশ্বাস পদুম ফুল যিদৰে বোকাতেই ফুলে সেইদৰে আৰু নতুন নতুন ‘হিমা’ এই অনগ্ৰসৰ ঠাইবোৰৰ পৰাই ভৱিষ্যতে ওলাই অহাৰ সম্ভাৱনাই অধিক।