পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
হিমাৰ পৰা অসমৰ নতুন প্ৰজন্মই ল'বলগীয়া শিক্ষা..

তেওঁৰ আদিগুৰু/গুৰুসকলৰ ক্ষেত্ৰত তেনে একো নেদেখি মনটো অলপ সেমেকি গ'ল। 'দ্ৰোণাচাৰ্য'ৰ দেশৰ আমিবোৰে ভৱিষ্যত প্ৰজন্মৰ আগত এক সুস্থ পৰম্পৰা দাঙি ধৰাৰ সুযোগ হেৰুওৱা যেন লাগিল।

 বহুতেই আকৌ হিমাক টকা-পইচাৰে পুতি পেলাব খোজা সদৃশ পৰিস্থিতি এটা তৈয়াৰ কৰাৰ নিচিনাও লাগিল। ই হিমাৰ উপকাৰ সাধে নে অপকাৰ সাধে সময়েহে ক'ব। হিমা বিখ্যাত হোৱাৰ আগতে তেওঁৰ অনুশীলনৰ বাবে সুবিধাবোৰ পাইছেনে, দেহা শক্তিশালী কৰি ৰাখিবৰ বাবে পৰ্যাপ্ত পৰিমানে খোৱা-বোৱা পাইছেনে নাই সেইবোৰৰ বিষয়ে দুই- একত বাদে হয়তো কোনেও নাজানিছিল। আমাৰ দৃষ্টিত সেইসকলে হিমাক বৰঞ্চ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ প্ৰশিক্ষণৰ বাবে যলৈ যাব লাগে তালৈ। পঠিয়াই তেওঁৰ সকলো ধৰণৰ খৰচ বহন কৰি বাকী টকাখিনি আৰু দুই- এজনী নতুন ‘হিমা’ৰ সন্ধানত ব্যয় কৰিব পাৰিলেহেঁতেন। কম বয়সতে হোৱা আৰ্থিক প্ৰাচুৰ্যই সাধনাৰ ক্ষেত্ৰত হেঙাৰ হিচাপেও থিয় দিব পাৰে। আমাৰ দৃঢ় বিশ্বাস success has many fathers, failure is an orphan, অৰ্থাৎ কৃতকাৰ্যজনৰ বহুতো দেউতাক থাকে কিন্তু অকৃতকাৰ্যজন ঘাত মাউৰা কথাষাৰ হিমাই মনত ৰাখিব। লগতে তেওঁ এই কথাটোও মনত ৰাখিব লাগে যে শিখৰত আৰোহণ কৰা যিমান টান, এক বিশেষ সময়ৰ বাবে তাক বৰ্তাই ৰখা তাতোকৈ টান।

 ভাৰতবৰ্ষ এখন উপমহাদেশ আৰু ইয়াৰ বিভিন্ন অঞ্চলৰ মানুহৰ কিছু বিশেষ ক্ষেত্ৰত কিছুমান স্বাভাৱিক দক্ষতা দেখা যায়। আমাৰ দৃষ্টিত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীৰ সাহিত্য, সংগীত, নাটক, বাহ- বেত, বোৱা-কটা আদিৰ কাম আৰু লগতে কিছুমান বিশেষ খেলা যেনে-ধনুকাড় মৰা (আদিবাসী আৰু দুই-এক জনগোষ্ঠীৰ ক্ষেত্ৰত), ফুটবল খেলা আদিত ‘স্বাভাৱিক দক্ষতা' আছে। কিন্তু তেওঁলোকৰ এই ‘স্বাভাৱিক দক্ষতা'ক আগুৱাই নিবলৈ প্ৰণালীবদ্ধ শিক্ষা প্ৰতিষ্ঠানৰ অভাৱ বাৰুকৈয়ে দেখা যায়। আমাৰ দৃষ্টিত অকল বিজ্ঞান, বাণিজ্য, কলাৰ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়েই শিক্ষানুষ্ঠান নহয়। উপৰোক্ত ‘স্বাভাৱিক দক্ষতা’বোৰৰ স্ফূৰণ ঘটাবলৈ আৱশ্যক হোৱা অত্যাধুনিক অনুষ্ঠানবোৰো শিক্ষানুষ্ঠানৰ অন্তৰ্গত হ'ব লাগে।