পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
চাকৰি ক’তেনো পাম?

 এইখিনিতে স্বামী বিৱেকানন্দই শিক্ষা সম্পৰ্কে আগবঢ়োৱা আমাৰ অতি প্ৰিয় উক্তি এষাৰিও মনলৈ আহিছে—Education is the mani- festation of the perfection already in man. অৰ্থাৎ ঈশ্বৰ প্ৰদত্ত স্বাভাৱিক দক্ষতাৰ বহিঃপ্ৰকাশৰ বাবে যি মাধ্যমে আমাক সহায় কৰে সেয়েই প্ৰকৃত শিক্ষা। অকল শিক্ষানুষ্ঠানৰ কেইটামান উচ্চ ডিগ্ৰী থাকিলেহে যে মানুহ সুশিক্ষিত হয় তেনে আওপুৰণি ধ্যান-ধাৰণা পৰিৱৰ্তনৰ সময় সমাগত। বি.এ., এম.এ., পি.এইচ.ডি., ডাক্তৰ, ইঞ্জিনীয়াৰ আদি হোৱাৰ নিগনি দৌৰত যদি আমাৰ সকলো ছাত্ৰ-ছাত্ৰী ব্যস্ত হয় তেন্তে জাতিটোৰ উন্নতি হোৱাটো হয়তো সুদূৰপৰাহত। আমি এইটো ক'ব খোজা নাই যে উপৰোক্ত ডিগ্ৰীবোৰৰ মূল্য নাই বা আমাক নালাগে। কিন্তু কথা হৈছে নিজৰ ঈশ্বৰ প্ৰদত্ত স্বাভাৱিক দক্ষতা’ক বাদ দি সকলোৱে উপৰোক্ত ডিগ্ৰীবোৰৰ দিশে ধাৱমান হোৱাটোহে সমীচিন নহয়। আমি জনাত অসমৰ স্বনামধন্য বিহগী কবি ৰঘুনাথ চৌধাৰীদেৱে অষ্টম শ্ৰেণীলৈকেহে পঢ়িছিল কিন্তু তেখেতৰ কাব্যপ্ৰতিভাৰ ওপৰত গৱেষণা কৰি আন বহুতে পি.এইচ. ডিগ্ৰী লাভ কৰিছে। স্বামী বিবেকানন্দৰ গুৰু ৰামকৃষ্ণ পৰমহংসও কোনো ডিগ্ৰীধাৰী নাছিল। স্বামী বিবেকানন্দই কৈছিল— যি শিক্ষাই এজন মানুহক নিজৰ ভৰিত থিয় দিবলৈ সহায় নকৰে, সৎ ভাবে জীয়াই থাকি নিজৰ তথা দেশৰ উন্নতি, সুনামৰ বাবে বৰঙণি যোগোৱাত সহায় নকৰে সেই শিক্ষা প্ৰকৃত শিক্ষা হ’বই নোৱাৰে।

 এই কথাত আমাৰ তিলমানো সন্দেহ নাই যে উচ্চ ডিগ্ৰীধাৰী তৰল। মানসিকতাৰ শিক্ষিততকৈ কম ডিগ্ৰীধাৰী সুশিক্ষিত ব্যক্তিৰ সংখ্যা যিমানেই বাঢ়ে দেশ আৰু জাতিৰ বাবে সিমানেই মঙ্গল।

 বহু ক্ষেত্ৰত ভিতৰুৱা অঞ্চলৰ যুৱক-যুৱতীয়ে বিভিন্ন সা-সুবিধাৰ অভাৱৰ বাবে হা-হুমুনিয়াহ কাঢ়ি বহি থকা দেখা যায় আৰু কেতিয়াবা ই তেওঁলোকক কিছু অসামাজিক কৰ্মৰ দিশেও আগবঢ়াই নিয়ে। পিছপৰা অঞ্চলসমূহৰ উন্নতিৰ বাবে নিৰন্তৰ প্ৰয়াস কৰাটো চৰকাৰৰ নিশ্চয়কৈ এক আৱশ্যকীয় কৰ্তব্য। কিন্তু সেই অনগ্ৰসৰতাই ছাত্ৰ-ছাত্ৰীক হতাশাগ্ৰস্ত কৰিব পাৰিব নালাগে। কেতিয়াবা সেই অনগ্ৰসৰতাই ‘অভিশাপ’ৰ সলনি