পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
চাকৰি ক’তেনো পাম?

উলিওৱা আৰু সেই দক্ষতা বিকাশৰ বাবে নিৰৱচ্ছিন্ন কঠোৰ সাধনা আৰম্ভ কৰা। সফলতা, খ্যাতিয়ে লগ দিবলৈ নিজেই দৌৰি আহিব। আন সহজ ৰাস্তা আমি দেখাত নাই। সহজ ৰাস্তাৰে কুখ্যাতিহে আহিব পাৰে, সুখ্যাতি নহয়।

 হিমাৰ সফলতাৰ ইন্ধন হিচাপে আমাৰ দৃষ্টিত ধৰা দিয়া আন এক মুখ্য কাৰক হৈছে হিমাৰ প্ৰচণ্ড জাতিপ্ৰেম, দেশপ্ৰেম আৰু পৰিমিত আবেগ। নিজৰ কাৰণে জীয়াই থকা জীৱন এটাতকৈ জাতি, দেশৰ বাবে সমৰ্পিতভাৱে জীয়াই থকা জীৱন এটা সদায়ে বেছি আনন্দদায়ক, সুখদায়ক হয়। ই নিজকে এক উচ্চস্তৰলৈ লৈ যোৱাৰ বাবে চালিকাশক্তি প্ৰদান কৰে। দৌৰ পথাৰত সাফল্যৰ পিছতেই ৰাষ্ট্ৰীয় পতাকাৰ লগতে অসমৰ গামোচা লৈ হিমাই যিদৰে আনন্দৰ বহিঃপ্ৰকাশ দেখুৱাইছে, যিদৰে ‘চেম্পিয়ন ব'ৰ্ড'ত মাতৃভাষাত চহী কৰিছে সেয়া সঁচাকৈয়ে শলাগিবলগীয়া। আমাৰ চকুত ধৰা দিয়া হিমাৰ আন এক গুণ হৈছে। তেওঁৰ প্ৰচণ্ড আত্মবিশ্বাস। কোনো ঠাইত হিমাই কৈছে—“অসমৰ গামোচা পৃথিৱীৰ চৌদিশে উৰুৱাৰ দায়িত্ব আপোনালোকে মোৰ ওপৰত এৰি দিয়ক।” কঠোৰ সাধনা, অনুশীলনৰ পৰা অহা গভীৰ আত্মবিশ্বাস অবিহনে এনে মন্তব্য দিব নোৱাৰে হিমাই। আন এক অনুষ্ঠানত বটা প্ৰদানৰ সময়ত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত বজাৰ লগে লগে হিমাৰ অশ্ৰু নিগৰিত হৈছে। হিমাৰ জাতিপ্ৰেম, দেশপ্ৰেম, পৰিমিত আবেগৰ নিৰ্ভেজাল প্ৰকাশ। এই গুণসমূহে হিমাক আৰু কঠোৰ অনুশীলন তথা সাধনাত ব্ৰতী হ’বলৈ অনুপ্ৰেৰণা যোগাব।

 উপৰোক্ত গুণসমূহ আমি হিমাৰ পৰা শিকিবলগীয়া। আমাৰ বিশ্বাস। উঠি অহা প্ৰজন্মই হিমাৰ এই গুণসমূহ আয়ত্ত কৰিবলৈ কঠোৰ সাধনা, অনুশীলনত মগ্ন হ'লে অদূৰ ভৱিষ্যতে আমি আৰু বহুতো ‘হিমা'ক লাভ কৰিবলৈ সক্ষম হ'ম।

 আমাৰ লিখনীৰ নায়িকা হিমাৰ গুণৰ কথাৰ পৰা ফালৰি কাটি আন দুই-এটা কথা লিখিবলৈ ওলাইছোঁ।

 হিমা অসমলৈ অহাৰ লগে লগে অসংখ্য অনুষ্ঠান-প্ৰতিষ্ঠানে তেওঁক উষ্ম আদৰণি, সম্বৰ্ধনা জনালে। হিমাক আৱিষ্কাৰ কৰা, উৎসাহ যোগোৱা