পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চাকৰি ক’তেনো পাম




হিমাৰ পৰা অসমৰ নতুন প্ৰজন্মই
ল'বলগীয়া শিক্ষা আৰু অন্যান্য

 নগাঁৱৰ এখন অখ্যাত গাঁও কান্ধুলিমাৰীৰ এক দুখীয়া পৰিয়ালৰ কন্যা হিমা দাসৰ নামে বৰ্তমান সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ আকাশ বতাহ মুখৰিত কৰি ৰাখিছে। হিমা দাসৰ এই ‘হিমালয় সদৃশ’ উত্তৰণত আমিও অতিশয় সুখী আৰু অসমীয়া হিচাপে ততোধিক গৌৰৱান্বিত। হিমা উঠি অহা নতুন প্ৰজন্মৰ আগত এক আদৰ্শ হৈ চিৰস্মৰণীয় হোৱাটোৱেই আমাৰ কামনা। হিমাৰ উত্তৰণৰ ঘটনাই মনত দোলা দি যোৱা দুই-এটা কথাকে ছাত্ৰ-ছাত্ৰী তথা ৰাইজৰ আগত দাঙি ধৰাই এই প্ৰবন্ধৰ মুখ্য উদ্দেশ্য।

 প্ৰথমেই প্ৰশ্ন হয় হিমাৰ এই সফলতা হঠাতে ঘটা এক ঘটনা নেকি? বিচাৰ-বিবেচনা থকা যিকোনো এজন পৰিপক্ক মানুহে নিশ্চয় ক'ব হ'বই নোৱাৰে। Rome was not built in a day অৰ্থাৎ ৰোম নগৰী এদিনতে সজা হোৱা নাছিল। তেন্তে কাৰণবোৰ কি হ'ব পাৰে? আহকচোন, কাৰণবোৰ জুকিয়াই চোৱাৰ বাবে আমি এক প্ৰয়াস কৰোঁ।

 আইনষ্টাইনৰ এষাৰি অমৰ উক্তি হৈছে “Everybody is a genius. But if you judge a fish by its ability to climb a tree, it will live its whole life believing that it is a stupid” stehts প্ৰত্যেকজন ব্যক্তিয়েই প্ৰতিভাশালী। কিন্তু আমি যদি মাছ এটা প্ৰতিভা